বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ এছক’ৰ্ট বাহন দূৰ্ঘটনাগ্ৰস্ত, নিহত এজন আৰক্ষী জোৱান

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ এছক’ৰ্ট বাহন দূৰ্ঘটনাগ্ৰস্ত হয়। মঙলবাৰে নিশা তামুলপুৰৰ এঘাৰ মাইলত এই দুৰ্ঘটনা সংঘটিত হয়।
প্ৰমোদ বড়োৰ এছক’ৰ্ট দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত এছক’ৰ্ট বাহনত থকা এজন আৰক্ষীৰ জোৱানৰ মৃত্যু হোৱাৰ লগতে তিনিজন জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
পথ দুৰ্ঘটনাটোত মৃত্যু হোৱা আৰক্ষী জোৱানজনৰ নাম ৰাজু কলিতা বুলি জানিব পৰা গৈছে। আনহাতে, আঘাতপ্ৰাপ্ত আৰক্ষী জোৱান সকল হৈছে ব্ৰজেন ৰাজবংশী, উৎপল পাটগিৰি আৰু প্ৰকাশ দাস।
আঘাতপ্ৰাপ্ত আৰক্ষী জোৱান তিনিজনক ৰঙিয়াৰ স্বস্তি হস্পিটেলত ভৰ্তি কৰোৱা হৈছে।
অৱশ্যে, পথ দুৰ্ঘটনাটোৰ সময়ত এছক’ৰ্টৰ সৈতে প্ৰমোদ বড়ো নাছিল। প্ৰমোদ বড়োৰ তামুলপুৰৰ ঘৰৰ পৰা এছক’ৰ্ট পাইলট বাহনখন ৰঙিয়ালৈ গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত লুটি খাই পৰে যাৰফলতে ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।