Local, Vocal, Global

আজি বৰপেটাত উপস্থিত হ’ল কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানৱে

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ মঙলবাৰে কেন্দ্ৰীয় ৰাজ্যিক ৰে’ল মন্ত্ৰী ৰাওচাহেব দাদাৰাও ডানৱে বৰপেটালৈ আহে ৷ নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি আজি পুৱা কয়লা আৰু খনি বিভাগৰো দায়িত্বত থকা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকী বিমানযোগে নতুন দিল্লীৰ পৰা গুৱাহাটীত উপস্থিত হয়।

কেইবাটাও কাৰ্যসূচীৰে মন্ত্ৰী গৰাকীয়ে গুৱাহাটীৰ পৰা স্পেচিয়েল ৰে’লযোগে পোনে পোনে বৰপেটা ৰোডলৈ আহা ৰাজ্যিক ৰেলমন্ত্ৰী গৰাকীক বৰপেটাৰোড ৰেলৱে ষ্টেচন কৰ্তৃপক্ষই ঢোল পেঁপা গগনা বজাই বিহু নৃত্যৰে ব্যাপক বিপুল আদৰণি জনায় ৷ ৰাজ্যিক ৰেল মন্ত্ৰী গৰাকীক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে গামোচা শৰাইৰে আদৰণি জনায় ৷

কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পাছত ২০১৪ চনৰ পৰা বৰ্তমানলৈকে শিক্ষা স্বাস্থ্য বান গৰাখহনীয়া আদিকে ধৰি আন্তঃগাঁথনি দিশত  কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনি জিলা সমূহত কিদৰে ৰূপায়ণ হৈছে তাৰ পৰ্যবেক্ষণ কৰিবলৈ বৰপেটা জিলাত উপস্থিত হৈ  নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্ৰী গৰকীয়ে ৷

মন্ত্ৰী গৰাকীয়ে বৰপেটাৰোড ৰেলৱে ষ্টেচনৰ সন্মুখত থকা ড° শ্যামা প্ৰসাদ মূখাৰ্জীৰ প্ৰতিমূৰ্ত্তিতো পুস্প অৰ্পণ কৰে ৷ ইয়াৰ পাছতেই মন্ত্ৰী গৰাকীয়ে খৈৰাবাৰীৰ ৮২৭ নম্বৰ প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন পৰিদৰ্শন কৰে৷

কেন্দ্ৰীয় ৰেল ৰাজ্যিক মন্ত্ৰী গৰাকীৰ লগত বৰপেটাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ, বৰপেটাৰ উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ লগতে ৰেল বিভাগৰ উচ্চপদস্থ বিষয়া কৰ্মচাৰীয়ে সংগ দিয়ে ৷