ছাগলখুটিৰ ৪০ বছৰীয়া লম্পট অমিত প্ৰধানৰ কামনাৰ বলি কণমানি

নিউজ ডেস্ক: ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য কাণ্ড৷ এগৰাকী ৪০ বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী৷ চাপৰত সংঘটিত হৈছে মানবৱ সমাজক লজ্জানত কৰা এনে জঘন্য কাণ্ড। ইতিমধ্যে চাপৰ আৰক্ষীৰ জালত পৰিছে অভিযুক্ত অমিত প্ৰধান। ১৯ অক্টোবৰত লম্পটে কিশোৰীগৰাকীক যৌন আতিশয্য চলোৱাৰ সময়ত ৰাইজে হাতে লোটে ধৰিছিল লম্পট অমিত প্ৰধানক৷ অমিত প্ৰধানক বান্ধি থৈ পাছত চাপৰ আৰক্ষীক খবৰ দিয়াত ততাতৈয়াকৈ চাপৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ গ্ৰেপ্তাৰ কৰে অমিত প্ৰধানক। আজি চাপৰ আৰক্ষীয়ে ১৯০/২২ নম্বৰৰ গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰা অমিত প্ৰধানৰ ঘৰ চাপৰৰ ছাগলখুটিত৷