হায়ৰে স্বাস্থ্য বিভাগ, চিকিৎসা নাপায় মৃত সন্তান প্ৰসৱ প্ৰসূতিৰ
নিউজ ডেস্ক: শাসকীয় দলৰ নেতা-কৰ্মীয় সভা-সমিতিয়ে সুবিধা পালেই অসমৰ উন্নয়নৰ কথা ক’বলৈ আৰম্ভ কৰে৷ কিন্তু বিজেপিৰ উন্নয়নৰ বিপৰীতে স্বাস্থ্য খণ্ডত এতিয়া দেখা গৈছে এখন ভয়াবহ ছবি৷ ৰোগীয়ে এতিয়া চিকিৎসালয়ত চিকিৎসা নাপায় ছটফটাবলগীয়া হৈছে৷ চিকিৎসালয়ত প্ৰসূতিয়ে চিকিৎসা নাপায় চিঞৰি থাকিবলগীয়া হৈছে এইখন অসমতে৷ মৰিগাঁৱত সংঘটিত হৈছে এনে হৃদয়বিদাৰক ঘটনা৷ চিকিৎসাৰ অভাৱত চিকিৎসালয়ৰ ছটফটাই থাকি অৱশেষত মৃত সন্তান প্ৰসৱ কৰিবলগীয়া হৈছে প্ৰসূতিয়ে৷ চিকিৎসাৰ অভাৱত ছটফটাই থাকি অৱশেষত মৃত সন্তান প্ৰসৱ কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মৰিগাঁৱত৷ বুধবাৰে মৰিগাঁৱৰ নেলীৰ জোনমণি পাতৰ নামৰ প্ৰসূতিগৰাকীক ভৰ্তি কৰা হৈছিল মৰিগাঁও অসামৰিক চিকিৎসালয়ত। দিনৰ ১১ বজাত পৰীক্ষা নিৰীক্ষাৰ কৰা হয়৷ সন্ধিয়া চিকিৎসালয়খনৰ প্ৰসূতি বিভাগত ভৰ্তি কৰা হয় জোনমণি পাতৰক। কিন্তু চিকিৎসকৰ অভাৱত চিকিৎসালয়ৰ মজিয়াত পৰি থাকিব লগীয়া হয় প্ৰসূতিগৰাকী। পৰৱৰ্তী সময়ত সাংবাদিক উপস্থিত হৈ বাতৰি প্ৰচাৰ কৰাৰ লগতে জিলা উপায়ুক্তক বিষয়টো অৱগত কৰায়। নিশা জিলা উপায়ুক্ত দেৱাশীষ শৰ্মা খোদ চিকিৎসালয়ত উপস্থিত হয়। উপায়ুক্ত দেৱাশীষ শৰ্মাই প্ৰসূতিক চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰিবলৈ তৎপৰ হয়। উপায়ুক্ত দেৱাশীষ শৰ্মা তৎপৰ হোৱাৰ সময়তেচিকিৎসকে প্ৰসুতিগৰাকীৰ চিকিৎসা আৰম্ভ কৰাত মৰিগাঁও অসামৰিক চিকিৎসালয়তে মৃত সন্তান জন্ম দিয়ে। এই ঘটনাই মৰিগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ৰাজ্য চৰকাৰে মানুহৰ কল্যাণৰ বাবে কাম কৰা বুলি জহাই ফুৰে৷ কিন্তু প্ৰসূতিয়ে চিকিৎসাৰ বাবে ছটফটাই থাকিবলগীয়া হৈছে এইখন অসমতে৷ এই ঘটনাৰ দ্বাৰা স্বাস্থ্য খণ্ডৰ স্বৰূপটো ওলাই পৰিছে৷