চৰকাৰী ভূমি দখল কৰিবলৈ যোৱা আটছা নেতাক ঘপিয়ালে মহিলাই
নিউজ ডেস্ক: চৰাইদেউ জিলাৰ নামতোলাত ভূমি দখল কৰিবলৈ যোৱা আটছাৰ সোণাৰি শাখাৰ সাধাৰণ সম্পাদক মনো পাটনায়কক মহিলাই দাৰে আক্ৰমণ কৰে৷ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয়। চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী ভূমি কেন্দ্ৰিক বিবাদক লৈ এই কাণ্ড সংঘটিত হৈছে৷ এগৰাকী মহিলাই আটছাৰ সোণাৰি শাখাৰ সাধাৰণ সম্পাদক মনো পাটনায়কক দাৰে ডিঙিত আক্ৰমণ কৰে। আক্ৰমণ কৰা মহিলাগৰাকীৰ নাম কুইলি গোৱালা। জানিব পৰা মতে, মহিলাগৰাকীৰ মাটিৰ সমীপতে থকা এডোখৰ চৰকাৰী ভূমি আটছা নেতা কেইজনমানে আজি দখল কৰিবলৈ গৈছিল৷ মহিলাগৰাকীয়ে বাধা প্ৰদান কৰে৷ তেনে সময়তে মহিলাগৰাকীয়ে এখন দাৰে আটছা নেতাগৰাকীৰ ডিঙিত ঘাপ দিয়ে৷ সংকটজনক অৱস্থাত চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰা হয় নেতাগৰাকীক৷