ৰাজপথত দেহত জুই লগাই আত্মহত্যা এগৰাকী মহিলাৰ

সদাব্যস্ত তেজপুৰৰ ৰাজপথত অঘটন। দেহত জুই লগাই আত্মহত্যা এগৰাকী মহিলাৰ। তেজপুৰৰ লালমাটি আৰক্ষী চকীৰ অন্তৰ্গত তেজপুৰ চান্দমাৰীত সংঘতিত এই হৃদয় বিদাৰক ঘটনা। দেহত কেৰাচিন ঢালি জুই লগাই হজৰাপাৰ পুখুৰীত জাপ দিয়াৰ চেষ্টা কৰাৰ সন্দেহ। কিন্তু পুখুৰীত জাপ দিয়াৰ চেষ্টাত ব্যৰ্থ হৈছিল মহিলাগৰাকী। ঘটনা সন্দৰ্ভত লালমাটি আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। কিন্তু বৰ্তমানেও আৰক্ষীয়ে কোনো ধৰণৰ তথ্য তথা বোৱাৰীগৰাকীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই ।