Local, Vocal, Global

নব্বৈ বছৰ সম্পূৰ্ণ কৰিলে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাই

আজি ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাই নব্বৈ বছৰ সম্পূৰ্ণ কৰিলে। ১৯৩০ চনৰ আজিৰ দিনটোতে উৰুগুৱেৰ ৰাজধানী মন্টেভিডিঅ’ত আৰম্ভ হৈছিল প্ৰথমখন বিশ্বকাপ ফুটবল মহাৰণৰ।
এই বিশ্বকাপ ফুটবল প্ৰতিযোগিতাখনি আৰম্ভ হোৱাৰ আঁৰতো এক আমোদজনক তথ্য আছে। ১৯২৮ চনত নেদাৰলেণ্ডৰ ৰাজধানী আৰ্মষ্টাৰডামত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল গ্ৰীষ্মকালীন অলিম্পিকৰ ; সেই উদ্দেশ্যে বিভিন্ন ক্ৰীড়াৰ সৈতে জড়িত ভিন ভিন দেশৰ সংগঠকসকল দেশখনত উপস্থিত হৈছিলগৈ। তাৰ মাজতে ফুটবলৰ সৈতে জড়িত হৈ থকা বিভিন্ন দেশৰ সংগঠকসকলে ২৮ মে’ তাৰিখে এখন বৈঠকত মিলিত হৈ সিদ্ধান্ত গ্ৰহণ কৰে যে ১৯৩০ চনত অলিম্পিকৰ দৰেই এক ব্যয়বহুল বিশ্বকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিব ; আৰু প্ৰথমখন প্ৰতিযোগিতাৰ বাবে দায়িত্ব লাভ কৰে উৰুগুৱেই। ইয়াৰ কাৰণ আছিল সেইসময়ত দেশখনে স্বাধীনতাৰ লগতে দেশৰ জাতীয় ফুটবল দলটোৱে শতবৰ্ষ জয়ন্তী পালন কৰিব লগা আছিল।
১৯৩০ চনৰ ১৩ জুলাইৰ পৰা ৩০ জুলাইলৈ প্ৰথমখন বিশ্বকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হয়। মুঠ তেৰখন দেশৰ জাতীয় ফুটবল দলে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল। সেইবাৰ ইউৰোপ মহাদেশৰ পৰা মাত্ৰ চাৰিটা দলেহে প্ৰতিযোগিতাত ভাগ লৈছিল। ইউৰোপৰ অধিকাংশ দেশৰে খেলুৱৈসকল আহিব পৰা নাছিল সেই সময়ৰ উৰুগুৱেলৈ কষ্টকৰ যাত্ৰাপথৰ বাবে। প্ৰথম বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলত উৰুগুৱেই আৰ্জেন্টিনাক ৪-২ গ’লত পৰাস্ত কৰি বিশ্ব ফুটবলৰ প্ৰথম বিশ্বজয়ী সন্মান লাভ কৰিছিল।
আজি ফিফা বিশ্বকাপ ফুটবল মানেই এক পৃথিৱীজোৰা উন্মাদনা! শ্বাসৰুদ্ধকৰ উত্তেজনা!!
১৯৪২ আৰু ১৯৪৬ চনত দ্বিতীয় মহাসমৰৰ বাবে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল।
বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সৰ্ব প্ৰথম গ’ল দিয়া খেলুৱৈ গৰাকী আছিল ফ্ৰান্সৰ লুচিয়েঁ লৰেন্ট’। তেওঁ আমেৰিকাৰ বিৰুদ্ধে প্ৰথম গ’লটো দিছিল।