Local, Vocal, Global

টেট শিক্ষকসকলৰ প্ৰতিবাদ অনাকাংক্ষিত, অপ্ৰয়োজনীয়- শিক্ষামন্ত্ৰী ৰণোজ পেগু

নিউজ ডেস্ক, ২৪ মাৰ্চঃ টেট শিক্ষক সকলৰ প্ৰতিবাদ অনাকাংক্ষিত, অনাহুত আৰু অপ্ৰয়োজনীয় – এই মন্তব্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ। শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ঠিকাভিত্তিক টেট শিক্ষকৰ ৬০ বছৰলৈ চাকৰিৰ নিশ্চিত প্ৰদান কৰা হৈছে।

লগতে নিয়মীয়া শিক্ষকৰ দৰমহা দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰিলে চৰকাৰে।
লগতে শিক্ষা মন্ত্ৰীয়ে কয় যে, ‘‘আপোনালোকে এটকাও নিদিয়াকৈ, কাকো এখন তামোল নুখোৱাকৈ চাকৰি পাইছিল, এতিয়া আপোনালোকৰ সমহাৰৰ বেতন, ডিএ যি পাবলগা আছে এইখিনিও এটকাও নিদিয়াকৈ, আন্দোলনৰ নামত এহেজাৰ টকা নিদিয়াকৈ পাব। কেইটামান দিন ধৈৰ্য ধৰিব লাগিব।’’

উল্লেখ্য যে, আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ঠিকা ভিত্তিক টেট শিক্ষকে কাহিলীপাৰাস্থিত সৰ্বশিক্ষা মিছনৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল। তেওঁলোকৰ সমস্যা সমূহ সমাধান কৰিবলৈ আনকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৩১ মাৰ্চ শেষ সীমা বান্ধি দিছিল। অন্যথা পুনৰ আন্দোলনত বহাৰ হুংকাৰ দিছিল। এই প্ৰতিবাদকলৈ অৱশেষত শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিজৰ প্ৰতিক্ৰিয়া এনেদৰে ব্যক্ত কৰে।