Local, Vocal, Global

সোণাৰিত ভয়ংকৰ দূৰ্ঘটনা, থিতাতে নিহত ১গৰাকী মহিলা

নিউজ ডেস্ক,২৪ মাৰ্চঃ সোণাৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা। এই দূৰ্ঘটনাত থিতাতে নিহত হয় এগৰাকী মহিলা।

এই দূৰ্ঘটনা সংঘটিত হৈছে সোণাৰিৰ অভয়পুৰ তিনিআলিত। এখন কয়লাভৰ্তি ডাম্পাৰৰ খুন্দাত নিহত হয় মহিলাগৰাকী।

দূৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ AS 04 BC 3277। ঘটনা সংঘটিত কৰাৰ পিছতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰে ডাম্পাৰখন।

জানিব পৰা মতে, নিমনাগড়ৰ পৰা ভজো ৰে’ল ষ্টেচনলৈ কয়লা কঢ়িয়াই নিয়াৰ সময়তে সংঘটিত হয় এই দূৰ্ঘটনা।