Local, Vocal, Global

ক’লা আঙুৰ নে সেউজীয়া আঙুৰ? কোনবিধ আঙুৰৰ গুণাগুণ কিমান

নিউজ ডেস্ক, ২৪ মাৰ্চঃগ্ৰীষ্মকাল আৰম্ভ হোৱাৰ লগে লগে তাপমাত্ৰা ব্যাপক হাৰত বাঢ়িবলৈ ধৰিছে। এই সময়ত খাদ্যৰ তালিকাত ফল পানীয় ৰখাটো অতি প্ৰয়োজনীয়। গৰম দিনৰ ফলৰ ভিতৰত আঙুৰ অন্যতম। কিন্তু বজাৰত গৈ ক’লা আঙুৰ কিনিব নে সেউজীয়া আঙুৰ ? কোনবিধৰ উপকাৰিতা অধিক তাকে লৈ চিন্তাত পৰে গ্ৰাহক।

গৰম দিনত পানীৰ অভাব পূৰণত আঙুৰে যথেষ্ট সহায় কৰে। ক’লা আঙুৰত থাকে যথেষ্ট পৰিমাণৰ পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম আৰু ভিটামিন ‘চি’। আনহাতে সেউজীয়া আঙুৰত থাকে প্ৰচুৰ পৰিমাণে কাৰ্বোহাইড্ৰেট, প্ৰ’টিন, ফাইবাৰ, ভিটামিন ‘চি’ আৰু ভিটামিন ‘কে’।

ক’লা আঙুৰ চকুৰ বাবে বিশেষভাৱে উপকাৰী। এইবিধ আঙুৰে দৃষ্টি শক্তি বৃদ্ধি কৰে। ক’লা আঙুৰ ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী বুলি ধাৰণা কৰা হয়। ভিটামিন ‘ই’ যুক্ত ক’লা আঙুৰ চুলি আৰু ছালৰ বাবেও উপকাৰী।
আনহাতে সেউজীয়া আঙুৰে হৃদৰোগ নোহোৱাত সহায় কৰে।

সেউজীয়া আঙুৰত থকা ফাইটোকেমিকেল নামৰ উপাদানবিধে মস্তিষ্কৰ বাৰ্ধক্যত প্ৰভাৱ পেলায়। ৰক্তহীনতাত ভুগিলে সেউজীয়া আঙুৰ অতি উপকাৰী।

ক’লা আঙুৰৰ দৰে সেউজীয়া আঙুৰে ও ছালৰ উজ্জলতা বঢ়ায়। কিন্তু তুলনামূলক ভাৱে সেউজীয়া আঙুৰতকৈ ক’লা আঙুৰৰ গুণাগুণ বেছি।