Local, Vocal, Global

জম্মু-কাশ্মীৰৰ বাডগামত সন্ত্ৰাসবাদীয়ে ঘৰত সোমাই হত্যা কৰিলে আৰক্ষী বিষয়াক

নিউজ ডেস্ক, ২৭ মাৰ্চঃ জম্মু-কাশ্মীৰত অব্যাহত আছে উগ্ৰপন্থীৰ সংহাৰ। এইবাৰ উগ্ৰপন্থীয়ে বড়গাম অঞ্চলত এগৰাকী বিশেষ আৰক্ষী বিষয়া (এছ পি অ’) ক গুলীয়াই হত্যা কৰে।

শনিবাৰে চট্টাবাগত বিশেষ আৰক্ষী বিষয়া আৰু তেওঁৰ ভাতৃৰ ওপৰত গুলীবৰ্ষণ চলাইছিল। এই গুলীবৰ্ষণত আৰক্ষী বিষয়াগৰাকীৰ ভাতৃ গুৰুতৰভাৱে আহত হয়।

ইফালে বিষয়াগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত তেওঁৰ মৃত্যু ঘটে। ভাতৃগৰাকীৰ বৰ্তমান জে ভি চি হাস্পতালত চিকিৎসাধীন হৈ আছে।

২৬ বছৰীয়া আৰক্ষী বিষয়া ইছফিক আহমেদ ডাৰ বাডগামত কৰ্তব্যৰত হৈ আছিল। উগ্ৰপন্থীৰ আক্ৰমণৰ সময়ত দুয়োজন ঘৰতেই আছিল বুলি জানিব পৰা গৈছে।

এই ঘটনাৰ পিছতেই নিৰাপত্তাৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি লৈ অভিযান অব্যাহত ৰাখিছে।