Local, Vocal, Global

অন্ধপ্ৰদেশত বাছ দূৰ্ঘটনাত ৭জন লোক নিহত, আহত ৪৫জন

নিউজ ডেস্ক,২৭ মাৰ্চঃ শনিবাৰে নিশা অন্ধপ্ৰদেশৰ চিত্তু জিলাত এক ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হয়। এখন বাছৰ ওপৰত এটা শিল বাগৰি পৰাৰ ফলত পথ দূৰ্ঘটনাটো সংঘটিত হয় । এই দূৰ্ঘটনাত ৭ জন লোক নিহত হয় আৰু ৪৫ জন লোক আহত হয়।
এই দূৰ্ঘটনাটো চিত্তু জিলাৰ ভাক্ৰাপেট অঞ্চলৰ তিৰুপতিৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগত সংঘটিত হয়।
ইয়াৰপিছতেই আঘাতপ্ৰাপ্ত লোকসকলক নিকটৱৰ্টী হাস্পটাললৈ প্ৰেৰণ কৰা হয়।
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘটনাটোত শোক প্ৰকাশ কৰি মৃতকৰ আত্মীয়সকলৰ বাবে ২ লাখ টকাৰ অনুদান ঘোষণা কৰে।
পিএমঅ’ৰ কাৰ্যালয়ে টুইটযোগে কয় যে, চিত্তুত সংঘটিত হোৱা শোকাৱহ বাছ দূৰ্ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ বাবে দুখ পাইছো। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। মৃতকৰ আত্মীয়সকলৰ বাবে পিএমএনআৰএফৰ পৰা ২ লাখ টকা আৰু আহত লোকসকলৰ বাবে ৫০ হাজাৰ টকা দিয়া হ’ব।”

তদুপৰি অন্ধপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহনে ৰেড্ডীয়ে মৃতকৰ পৰিয়ালৰ ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকাৰ অনুদান ঘোষণা কৰিছে।