Local, Vocal, Global

বাংলাদেশত ভয়ংকৰ পথ দুৰ্ঘটনা! ১৭ জন লোক নিহত ,আহত ৩০ জন

ডিজিটেল ডেস্ক:- বাংলাদেশত ভয়ংকৰ পথ দুৰ্ঘটনা।দেওবাৰে পুৱাই এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় বাংলাদেশৰ ঢাকাৰ মাদাৰীপুৰৰ এক্সপ্ৰেছৱেত।নিয়ন্ত্ৰণ হেৰুৱাই যাত্ৰীবাহী দ্ৰুতবেগী বাছখনে ৰাস্তাৰ পৰা খাৱৈত বাগৰি পৰে ফলত কমেও ১৭ জন লোক নিহত আৰু ৩০ জন আহত হয়।
আহতসকলৰ মাজত বহুতৰ অৱস্থা সংকটজনক হোৱাৰ বাবে মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

জানিব পৰা মতে ইমাদ পৰিবহন দ্বাৰা পৰিচালিত বাছখনে যাত্ৰী কঢ়িয়াই পুৱা ৭.৩০ বজাত ঢাকা অভিমুখে গৈ থকাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়।
যান্ত্ৰিক বিজুতিৰ বাবে দ্ৰুতবেগী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে বুলি সন্দেহ কৰা হৈছে।।” অগ্নি নিৰ্বাপক সেৱাৰ তিনিটা গোটে উদ্ধাৰ কাৰ্য চলাই আছে।

উল্লেখ্য যে যে মৃত আৰু আহতসকলক এতিয়াও চিনাক্ত কৰা হোৱা নাই।