ডিব্ৰুগড়লৈ অনা হ’ল ৪গৰাকী খালিস্তানী সমৰ্থকক

ডিজিটেল ডেস্ক:- কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হ’ল ৪গৰাকী খালিস্তানী সমৰ্থকক।বায়ুসেনাৰ বিমানেৰে আনিছে উগ্ৰবাদীকেইজনক।এই চাৰিজনৰ মাজত অমৃত পাল সিঙক থকা বুলি সন্দেহ কৰা হৈছে।ডিব্ৰুগড়ত উপস্থিত হয় ২৭ জনীয় পঞ্জাৱ আৰক্ষীৰ বৃহৎ দল।
সমগ্ৰ পাঞ্জাৱ প্ৰতিবাদত উত্তাল হৈ থকাৰ মাজতে ডিব্ৰুগড়লৈ অনা হ’ল অমৃত পাল সিঙৰ সমৰ্থকক। এই সকল কাৰাবন্দীৰ মাজতেই ৱাৰিছ দে’পাঞ্জাৱৰ মুৰব্বী অমৃতপাল সিং থকা বুলি সন্দেহ কৰা হৈছে।দলটোৰ সদস্য সকলৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে ।
“ৱাৰিছ পাঞ্জাৱ দেৰ মুৰব্বী অমৃতপাল সিঙক পলাতক ঘোষণা কৰা হৈছে। তেওঁৰ দুখন গাড়ী জব্দ কৰা হৈছিল আৰু বন্দুকধাৰীসকলক আটক কৰা হৈছিল।
উল্লেখ্য যে, বৰ্তমানলৈ সংগঠনটিৰ ৭৮ জন সদস্য অথবা খালিস্তানৰ সমৰ্থকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে । আৰক্ষীৰ মন্তব্য অনুসৰি, অমৃতপাল সিং তথা সংগঠনটিৰ শীৰ্ষ সদস্য সকলে পাকিস্তানৰ আই এছ আই আৰু বিদেশৰ বহু কেইটা সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি আহিছিল । যাৰ বাবেই উগ্ৰ জাতীয়তাবাদে মোহাচ্ছন্ন কৰি পেলোৱা নেতাগৰাকীয়ে সততেই ৰাজহুৱা স্থানত সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে ভাৰতৰ পৰা বিচ্ছিন্ন হৈ স্বাধীন খালিস্তানৰ সমৰ্থনত মাত মাতি আহিছে ।