আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি?আজি আমি আপোনাক আপেলৰ উপকাৰিতাৰ বিষয়ে কম…

ডিজিটেল ডেস্ক:-মানুহৰ শৰীৰৰ বাবে প্রয়োজনীয় খাদ্য সম্ভাৰৰ ভিতৰত ৰসাল, সুস্বাদু অংশ এটা ফলমূলে অধিকাৰ কৰি আছে৷ দৈনন্দিন খাদ্য তালিকাত ফলমূলৰ বাবে এটা সুকীয়া স্থান সকলোৱে ৰাখে৷ ফলমূলৰ উপকাৰিতাৰ বিষয়ে নতুনকৈ কোৱাৰ প্রয়োজন নাই ৷সুস্বাদু ফলসমূহৰ ভিতৰত আপেল আমাৰ সকলোৰে পছন্দৰ।
আপুনি বাৰু জানেনে দৈনিক আপেলৰ সেৱনে আমাক কি কি উপকাৰ সাধন কৰে?ইংৰাজীত এষাৰ কথা আছে ‘An Apple a day keep doctor away’অৰ্থাৎ নিয়মিত আপেল খালে চিকিৎসকৰ প্ৰয়োজন নহয়।
ভোক নিবাৰণৰ লগতে শৰীৰক ৰোগমুক্ত কৰি ৰখাত আপেলৰ বিশেষ অৱদান আছে।
প্ৰতিদিনে ৰাতিপুৱা এফালকৈ আপেল খালে ডায়েবেটি ৰোগৰ হোৱাৰ আকাংশ নাথাকে।
দৈনিক এটাকৈ আপেল খালে অগ্নাশই কেঞ্চাৰৰ সম্ভাৱনা প্ৰায় ২৩ শতাংশ কমি যায়। কাৰণ আপেলত প্ৰচুৰ পৰিমাণে ফ্লেভনেল থাকে।

শৰীৰৰ কলেষ্টৰলৰ পৰিমান হ্ৰাস কৰে।
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় আপেলে সহায় কৰে ।
আপেলৰ সেৱনে শৰীৰত হোৱা দুৰ্বলতা নোহোৱা কৰে।
মেধাশক্তি বৃদ্ধিত সহায় কৰে আপেলে। নিয়মীয়াকৈ আপেল খালে ষ্ট্ৰকৰ আশংকা হ্ৰাস পায়।
আপেলৰ গুটি কেন্সাৰ ৰোগৰ প্ৰতিকাৰক।

বাকলি সহ আপেল সেৱন কৰিলে পাচনতন্ত্ৰত পাথৰ হোৱা সমস্যা দুৰ হয়।
আপেলে লিভাৰ ১০০% ভালে ৰাখিব পাৰে। আপেলে অতি সহজে লিভাৰত জমা হোৱা ক্ষতিকাৰক উপাদান বাহিৰ হৈ যোৱাত সহায় কৰে।
আপেলৰ সেৱনে শৰীৰত হোৱা দুৰ্বলতা নোহোৱা কৰে
কুকুৰিকণা ৰোগ তথা চকুৰ যিকোনো ৰোগৰ কাৰণে আপেল বিশেষ উপকাৰী।
প্ৰতিদিনে এটাকৈ আপেল খালে হাড়ৰ গঠন মজবুত হোৱাৰ লগতে শৰীৰ সুঠাম আৰু সুন্দৰ হয়।
কম কেলৰিযুক্ত তথা ফাইবাৰ সমৃদ্ধ আপেলে পেট ভৰাই ৰখাত সহায় কৰে। ইয়াৰ ফলত ওজন নিয়ন্ত্ৰণত সহায় হয়।

যিসকল লোকে প্ৰায় প্ৰতিদিনে আপেল খাই, তেওঁলোকৰ ডায়েবেটিচ হোৱাৰ সম্ভাৱনা প্ৰায় ২৮% কমি যায়।
বাকলিসহ ইয়াৰ সেৱন কৰিলে দাতত হোৱা বীজাণু নাশ হয়।
আপেলত থকা ফাইবাৰে তেজত শৰ্কৰাৰ পৰিমান সঠিক ৰখাত সহায় কৰে।
এই গুণ খিনিৰ উপৰিও আপেলৰ আৰু বহুতো ঔষধি গুণ আছে , ই আমাৰ শৰীৰক বহুতো ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে । আমি নিয়মিত ভাবে অতিকমেও এটাকৈ আপেল খোৱা উচিত। গতিকে আপেল খাওক আৰু আপেলৰ গুণাগুণ লাভ কৰক।