Local, Vocal, Global

Terrible erosion of the Brahmaputra river at Bishwanath : ভয়ংকৰ বিপদৰ মুখামুখি হ’ব বিশ্বনাথৰ শতাধিক গাঁৱৰ ৰাইজ; মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত শংকিত নৈপৰীয়া ৰাইজ

বিশ্বনাথ,৩০মে’ : ৰেমলৰ দৰেই ভয়ংকৰ বিপদৰ মুখামুখি হ’বলৈ গৈ আছে বিশ্বনাথৰ এটা বৃহত্তৰ অঞ্চলৰ ৰাইজ। বিশ্বনাথত এই পৰ্যন্ত ৰেমালৰ ব্যাপক প্ৰভাব পৰা নাই যদিও ৰেমালৰ দৰেই এক ভয়ংকৰ বিপদৰ আগজাননীয়ে নিদ্ৰা হৰণ কৰি তুলিছে বিশ্বনাথৰ প্ৰায় এশখন গাঁৱৰ ৰাইজক। এক মাত্ৰ জল সম্পদ বিভাগ আৰু ঠিকাদাৰৰ চৰম হেমাহী আৰু দুৰ্নীতিৰ বাবেই এতিয়া হাজাৰ হাজাৰ পৰিয়ালৰ জীবনলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে।

উল্লেখ যে, বিশ্বনাথৰ দক্ষিণ পাৰৰ বৃহত্তৰ ৰাইজৰ একমাত্ৰ ৰক্ষা কবচ বিশ্বনাথ ঘাট পানপুৰ মথাউৰিৰ কাষত গঢ়া খহনীয়াই যি কোনো মূহুৰ্ততে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সম্ভাবনা প্ৰকট হৈ উঠিছে। স্বাধীনতাৰ পিছৰ পৰাই বিশ্বনাথৰ দক্ষিণ অঞ্চলৰ প্ৰায় শতাধিক গাওঁৰ ৰাইজে বিভিন্ন সময়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে নিজৰ ঘৰ দুৱাৰ,মাটি বাৰী হেৰুৱাই অহাৰ লগতে বহু লোক মৃত্যুৰ মূখতো পৰিব লগিয়া হৈছে। কংগ্ৰেছ চৰকাৰৰ দিনতো অথবা বিজেপি চৰকাৰৰ দিনতো উক্ত অঞ্চলত গঢ়া খহনীয়া ৰোধ কৰাৰ বাবে বহু হাজাৰ কোটি টকাৰ আবন্টন দিছে যদিও অঞ্চলবাসীৰ সমস্যা কিন্তু আজি পৰ্যন্ত সমাধান নহল।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে উক্ত অঞ্চলবাসী ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে সঠিক সময়তে গৰাখহনীয়াৰ বাবে জিঅ’ মেগা বেগৰ কাম কৰাৰ বাবে ২৫ কোটি টকাৰ আৱন্টন দিছিল। কিন্তু জল সম্পদ বিভাগ আৰু ঠিকাদাৰে উক্ত জিঅ’ মেগা বেগ নিৰ্মানৰ কাম সঠিক সময়ত নকৰি বাৰিষাৰ পূৰ্বে আৰম্ভ কৰিছে।

এফালে নিৰ্মান কাম চলি আছে আৰু আনফালে মহাবাহু ব্ৰহ্মপুত্ৰই এফালৰ পৰা সেই নিৰ্মান কাম ধংস কৰি গৈছে। জিঅ’ মেগা বেগত বালিৰ পৰিবৰ্তে মাটি ভৰাই বিভাগীয় কতৃপক্ষৰ চকুৰ সন্মূখতে বিয়াগোম দুৰ্নীতি সংঘটিত কৰি আহিছে ঠিকাদাৰে। স্থানীয় লোকৰ অভিযোগ দৰাচলতে উক্ত নিৰ্মানৰ কাম খৰালিত কৰিলে সেই কাম কিমান নিকা ভাবে কৰিছে ,ৰাইজে দেখা পাব। কিন্তু বাৰিষাৰ পূৰ্বে কৰিলে কামৰ পৰিমান কোনেও দেখা নাপাব আৰু বিভাগ আৰু ঠিকাদাৰে নিৰ্মানৰ বাবে অহা সমস্ত ধন মিলি আত্মখাৎ কৰিবলৈ সক্ষম হব(The terrible erosion of the Brahmaputra river at Bishwanath)।

উক্ত অঞ্চলত গঢ়া খহনীয়াৰ কামৰ নামত এক কথাত বাৰিষৰা পূৰ্বে এক নাটক আৰম্ভ কৰে জল সম্পদ বিভাগে বিশ্বনাথৰ এই অঞ্চলত। গঢ়া খহনীয়াৰ ৰোধ কৰাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰি কেইবাখনো গাঁৱৰ ৰাইজক মৃত্যু মূখত ঠেলি দি আহিছে বিভাগীয় কতৃপক্ষ আৰু ঠিকাদাৰে।প্ৰতি বছৰে কেইবাকোটি টকা গোটাই গোটাই গিলি আহিছে উক্ত নিৰ্মানৰ নামত বিভাগ আৰু ঠিকাদাৰে।

অষ্ট্ৰেলিয়ান খিৰতী গাইত পৰিণত হৈছে বিশ্বনাথৰ এই গঢ়া খহনীয়া ৰোধৰ কাম।সেয়েহে উক্ত অঞ্চলৰ ৰাইজে জল সম্পদ বিভাগৰ মন্ত্ৰীৰ প্ৰতক্ষ্য হস্তক্ষেপ দাবী কৰাৰ লগতে বিভাগীয় কতৃপক্ষ আৰু ঠিকাদাৰৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণৰ দাবী তুলিছে।

লগতে পঢ়ক : Praggnanandhaa Claims Maiden Classical Win Against Carlsen : পুনৰ এবাৰ ভাৰতীয় দবা খেলুৱৈ ৰমেশবাবু প্ৰজ্ঞানন্দাৰ সফলতা;১৮ বছৰীয়া খেলুৱৈ ৰমেশবাবু প্ৰজ্ঞানন্দাৰ হাতত পৰাস্ত বিশ্ব ৰেংকিঙৰ শীৰ্ষত থকা নৰৱেৰ জিএম মেগনাছ কাৰ্লচেন