Local, Vocal, Global

Praggnanandhaa Claims Maiden Classical Win Against Carlsen : পুনৰ এবাৰ ভাৰতীয় দবা খেলুৱৈ ৰমেশবাবু প্ৰজ্ঞানন্দাৰ সফলতা;১৮ বছৰীয়া খেলুৱৈ ৰমেশবাবু প্ৰজ্ঞানন্দাৰ হাতত পৰাস্ত বিশ্ব ৰেংকিঙৰ শীৰ্ষত থকা নৰৱেৰ জিএম মেগনাছ কাৰ্লচেন

স্পৰ্ট ডেস্ক,৩০মে’ : বিশ্বত দৰবাৰত পুনৰ এবাৰ ভাৰতীয় দবা খেলুৱৈ ৰমেশবাবু প্ৰজ্ঞানন্দাৰ সফলতা । ১৮ বছৰীয়া খেলুৱৈ ৰমেশবাবু প্ৰজ্ঞানন্দাৰ হাতত পৰাস্ত হ’ল বিশ্ব ৰেংকিঙৰ শীৰ্ষত থকা নৰৱেৰ জিএম মেগনাছ কাৰ্লচেন । এইবাৰ ৰমেশবাবু প্ৰজ্ঞানন্দাৰ সফলতা নৰৱে ষ্টাভেঞ্জাৰত অনুষ্ঠিত দবা প্ৰতিযোগিতাৰ তৃতীয় ৰাউণ্ডত । প্ৰথমবাৰৰ বাবে প্ৰজ্ঞানন্দাই বিশ্বৰ ১ নম্বৰ খেলুৱৈ জিএম মেগনাছ কাৰ্লচেনক পৰাস্ত কৰিবলৈ সক্ষম হয় (Praggnanandhaa Claims Maiden Classical Win Against Carlsen)।

১৮ বছৰীয়া খেলুৱৈগৰাকীৰ বিজয়ৰ পিচতে ভাৰতীয় অনুৰাগীসকলে তেওঁৰ কৃতিত্বত যথেষ্ট আনন্দিত হোৱা দেখা গৈছে আৰু সামাজিক মাধ্যমত তেওঁক অভিনন্দন জনোৱা আৰম্ভ কৰিছে ।

বিশ্বৰ এক নম্বৰ নৰৱেৰ খেলুৱৈৰ বিৰুদ্ধে প্ৰজ্ঞানন্দাৰ এই জয়ৰ পিচতে সামাজিক মাধ্যমত বিভিন্ন অনুৰাগীয়ে ভাৰতীয় খেলুৱৈগৰাকীক অভিনন্দন জনাইছে । বিশ্বৰ এক নম্বৰ খেলুৱৈজনক পৰাস্ত কৰাত ভাৰতীয় অনুৰাগীসকল আনন্দিত হৈছে । এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে কাৰ্লচেনক গৃহভূমিত পৰাস্ত কৰাটো সহজ কথা নহয় আৰু ই বৃহৎ সাফল্য । প্ৰজ্ঞানন্দাক প্ৰশংসা কৰি বহুতে তেওঁ নায়ক বা চেম্পিয়ন বুলি অভিহিত কৰিছে(Indian Chess Prodigy R Praggnanandhaa Defeats Magnus Carlsen In Classical Format) ।

লগতে পঢ়ক :firecracker explosion during Puri’s Jagannath festivities : আতচবাজীৰ বিস্ফোৰণ;নিহত তিনিজন ভক্ত,আহত প্ৰায় ৩০ গৰাকীকৈ ভক্ত