Local, Vocal, Global

The tragic story of a poor family : কোনো চৰকাৰী অভিলাষী আঁচনিয়ে ঢুকি নোপোৱা এটি পৰিয়াল

চতিয়া,৩০মে’ : বৃহস্পতিবাৰে পুৱা অহা এজাক বৰষুণতে খহি পৰিল চতিয়াৰ ১নং নলবাৰীৰ সুৰেণ নাথ নামৰ ব্যক্তিজনৰ বাসগৃহ। কথমপিহে প্ৰাণ ৰক্ষা পৰিছে দূৰ্ভগীয়া পৰিয়ালটোৰ চাৰিজন লোকৰ। সুৰেণ নাথ নামৰ লোকজনৰ বাস গৃহৰ নামত আছিল টিঙৰ চালি দিয়া এটা কেচা ঘৰ ৷

ইপিনে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী সুৰেণ নাথ দীৰ্ঘদিন ধৰি পেৰালাইচিছ ৰোগত আক্ৰান্ত হৈ বিছনাতে থাকিবলগীয়া হোৱাত সুৰেণ নাথৰ পত্নীয়ে ৰোগীয়া স্বামী আৰু দুই সন্তানক ভৰণ পোষণৰ বাবে হোটেলত কাম কৰি আহিছে৷ যি সময়ত চৰকাৰে লাখ লাখ লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্তন দিয়াৰ কথা কৈ আছে সেই সময়তে বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত চতিয়া ৪ নং গাওঁ পঞ্চায়তৰ এই দূৰ্ভগীয়া পৰিয়ালটোৱে পঞ্চায়তৰ সভাপতিক হাজাৰ বাৰ কাকুতি মিনতি কৰাৰ পিছতো নাপালে এটা গৃহ। এটা পকীঘৰৰ অভাৱত টিঙৰ চালি দিয়া ঘৰত বাস কৰা চতিয়াৰ এই দূৰ্ভগীয়া পৰিয়ালটোৰ আজি কথমপি প্ৰাণ ৰক্ষা পৰিছে(The tragic story of a poor family)।

স্থানীয় ৰাইজৰ অভিযোগ মতে চতিয়া ৪ নং গাওঁ পঞ্চায়তৰ তদানীন্তন সভানেত্ৰী কল্পনা ছেত্ৰীয়ে নিজ ইচ্ছা মতে একাংশ ঢনাঢ্য় লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্তন দি দৰিদ্ৰ পৰিয়ালসমূহক বঞ্চিত কৰিছে এই আঁচনিৰ পৰা। মূখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা বিশ্বনাথ বিধানসভা সমষ্টিৰ বহু দৰিদ্ৰ পৰিয়ালৰ ৰোগীক সাহায্য প্ৰদান কৰা হৈছিল কিন্তু দীৰ্ঘদিনৰ পৰা জীৱন মৃত্যুৰ সৈতে যুঁজ কৰি অহা সুৰেণ নাথ সেই সাহায্যৰ পৰাওঁ বঞ্চিত হৈ আহিচে।

এতিয়া প্ৰশ্ন হয় চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ কল্যাণৰ বাবে বহু অভিলাসী আঁচনি গ্ৰহণ কৰে কিন্তু কাৰ ভূলৰ বাবে সুৰেণ নাথৰ দৰে বহু দূৰ্ভগীয়া পৰিয়াল চৰকাৰৰ সকলো আঁচনিৰ পৰা বঞ্চিত হৈ আহিব লগা হৈছে।

লগতে পঢ়ক : Terrible erosion of the Brahmaputra river at Bishwanath : ভয়ংকৰ বিপদৰ মুখামুখি হ’ব বিশ্বনাথৰ শতাধিক গাঁৱৰ ৰাইজ; মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত শংকিত নৈপৰীয়া ৰাইজ