Local, Vocal, Global

নলবাৰীত ভয়ানক অংগ্নিকাণ্ড ! এটা গেৰেজত দাউদাউকৈ জ্বলি উঠিল জুই৷

ডিজিটেল ডেস্ক:- নলবাৰীত ভয়ানক অংগ্নিকাণ্ড! নলবাৰীৰ বৰবৰী চ’কত সংঘটিত হয় অগ্নিকাণ্ড৷ এটা গেৰেজত দাউদাউকৈ জ্বলি উঠিল জুই৷ অগ্নিকাণ্ডৰ ফলত গেৰেজটোত থকা কেইবাখনো দুচকীয়া বাহন ভস্মীভূত হয়৷ গেৰেজটোৰ উপৰি আন কেইবাখনো দোকান জুয়ে স্পৰ্শ কৰে৷

উল্লেখযোগ্য যে নিশা ধুমুহাৰ ফলত বিদ্যুত সেৱা নাছিল যদিও পুৱা বিদ্যুৎ সেৱা অহাৰ পিছতে ৰাইজে গেৰেজটোত প্ৰত্যেক্ষ কৰে জুই৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে৷ইফালে জনবহুল এলেকা হোৱাৰ উপৰি চ’কটোত আছে ভালেসংখ্যক ব্যৱসায়িক প্ৰতিষ্ঠান৷ সৌভাগ্যক্ৰমে ৰক্ষা পৰে অঞ্চলটো৷ ঘটনাস্থলীত তৎকালীনভাৱে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপিত কৰে৷ বৃহত্তৰ এলেকাটোত অগ্নিনিৰ্বাপক বাহিনীৰ এটা শাখা স্থাপনৰ দাবী ৰাইজৰ৷