Local, Vocal, Global

পুনৰ মহানগৰীত যুৱকৰ মৃতদেহ উদ্ধাৰ !

ডিজিটেল ডেস্ক:- মহানগৰীত চাঞ্চল্যকৰ ঘটনা ।মহানগৰীত পুনৰ উদ্ধাৰ যুৱকৰ মৃতদেহ ! পুৱা ৰাজপথৰ নলাত উদ্ধাৰ হয় মৃতদেহটো।বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ হাতীগাঁৱৰ গোল্ডেন পথত এটা নলাত উদ্ধাৰ হয় এজন অচিনাক্ত লোকৰ মৃতদেহ। হাতীগাঁৱৰ ৩ নং বাই লেন গোল্ডেন পাথত স্থানীয় ৰাইজে পচি যোৱা অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো।ঘটনাটো অনুসৰণ কৰাৰ পিছত স্থানীয় লোকে আৰক্ষী কৰ্তৃপক্ষক অৱগত কৰে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়, তাৰ পাছতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।আনহাতে এয়া হত্যা নে আন কিবা সেয়াও ৰহস্যৰ আৱৰ্তত। বৰ্তমান সময়লৈকে মৃতদেহটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই। মৃত লোকজনক চিনাক্ত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰি আছে আৰক্ষীয়ে।ঘটনাটো ওপৰত তদন্তৰ আৰম্ভ কৰিছে আৰক্ষীয়ে।