Local, Vocal, Global

Watch | Teok news: টীয়কত জলজীৱন মিচনৰ নামত ভেকুভাওনা

টীয়ক : দেশৰ প্ৰধানমন্ত্ৰীৰ এটি সপোনৰ প্ৰকল্প জল জীৱন মিচন “ঘৰে ঘৰে নল ঘৰে ঘৰে জল” শ্ল’গান লৈ দেশৰ প্ৰতিঘৰ লোককে বিনামূলীয়াকৈ বিশুদ্ধ খোৱা পানী দিয়াৰ এক প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ৷ কিন্তু বাস্তৱ ক্ষেত্ৰত কিমান কাৰ্যক্ষম হৈছে এই প্ৰকল্প ৷ চৰকাৰে এই সমূহ প্ৰকল্পৰ বাবে কোটি কোটি টকা ব্যয় কৰিছে সঁচা কিন্তু এই টকাৰ কেনে ব্যৱহাৰ চাবলৈ আহৰি নাই বিভাগৰ ৷

যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ জগদুৱাৰ দলৈচুক পানীযোগান আঁচনি প্ৰকল্প ৷ মূলত: চাহবাগান অধ্যুষিত এই অঞ্চলৰ ৰাইজৰ সুবিধা হোৱাকৈ এই প্ৰকল্প জন স্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰিছিল সঁচা ৷ কিন্তু নিৰ্মাণৰ অন্তত কেৱল এটা সপ্তাহ বাবেহে পানী পালে ৰাইজে। পৰবৰ্তী সময়ত ইয়াৰ যন্তসমূহ বিকল হৈ আজি ক্ৰমাৎ ভোটবাংলালৈ পৰ্যবেসিত হৈছে এই প্ৰকল্প ৷ কিন্তু নিৰ্বিকাৰ বিভাগ নিৰ্বীকাৰ জনপ্ৰতিনিধি,বিভাগ।নিম্নমানৰ সামগ্ৰীৰে উক্ত প্ৰকল্প নিৰ্মাণৰ অভিযোগ ৰাইজৰ।সেয়ে এই ক্ষেত্ৰত বিভাগ তথা চৰকাৰৰ অন্তিমখন পলমে হস্তক্ষেপ বিচাৰিছে সাধাৰণ জনতাই।

লগতে পঢ়ক : Watch | Chapar bus accident : চাপৰৰ মোৱাটাৰীস্থিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা