Tension erupts after brutal murder of 2 fishermen : মাছমৰীয়াক হত্যাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য
নিউজ ডেস্ক,১৪আগষ্ট : কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমামূৰীয়া বকলীয়াঘাটৰ ৰজাপথাৰ টকৌবাৰীত সংঘটিত হোৱা হত্যাকাণ্ডক লৈ তীব্ৰ চাঞ্চল্য অঞ্চলজুৰি।
উল্লেখ্য যে,মঙলবাৰে পুৱাই কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমামূৰীয়া বকলীয়াঘাটৰ ৰজাপথাৰ টকৌবাৰীত সংঘটিত হৈছিল লোমহৰ্ষক হত্যাৰ ঘটনা । মঙলবাৰৰ পুৱা কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট থানাৰ অন্তৰ্গত ৰজাপথাৰ টকৌবাৰীত স্থানীয় লোকে পথৰ দাঁতিত ক্ষত-বিক্ষত অৱস্থাত পৰি থকা দুটা মৃতদেহ প্ৰত্যক্ষ কৰে । লগে লগে গাঁওখনত সৃষ্টি হয় এক হুৱা-দুৱা পৰিৱেশৰ । মৃতদেহ দুটা গাঁৱখনৰে নীল বৰদলৈ(৫৮) আৰু বিভীষণ বৰদলৈ(৬৩) বুলি চিনাক্ত কৰে । লগে লগে ঘটনা সন্দৰ্ভত স্থানীয় লোকে স্থানীয় গাঁওবুঢ়াক এই বিষয়ে অৱগত কৰে(Tension erupts after brutal murder of 2 fishermen) ৷
মৃত লোক দুজনে মাছ ধৰি বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছিল । আনদিনাৰ দৰে কালিও পুৱতি নিশা প্ৰায় তিনি বজাত দুয়োজন লোকে কুঁচিয়া মাছ চিকাৰৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে এনেদৰে অপ্ৰত্যাশিতভাৱে মৃত্যুক সাৱটি লʼবলগীয়া হয় । ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ হোৱা লোক দুজনক কোনো অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় লোকে(Tension erupts after brutal murder of 2 fishermen along Karbi Anglong-Hojai border) ।
এই ঘটনাকলৈ স্থানীয় লোকসকলে কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে দোষীক শীঘ্ৰেই কৰায়ত্ব কৰি কঠোৰতম শাস্তি প্ৰদানৰ বাবে প্ৰশাসনক দাবী জনায় ।