Local, Vocal, Global

Hindu man from Bangladesh becomes first person to get citizenship under CAA : নাগৰিকত্ব সংশোধন আইন ৰ জৰিয়তে অসমত প্ৰথমজন অবৈধ বাংলাদেশীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব

নিউজ ডেস্ক,১৪আগষ্ট : নাগৰিকত্ব সংশোধন আইন ৰ জৰিয়তে অসমত প্ৰথমজন অবৈধ বাংলাদেশীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। দুলন কুমাৰ দাস নামৰ ব্যক্তিগৰাকীয়ে ‘CAA’ৰ অধীনত লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব(Hindu man from Bangladesh becomes first person to get citizenship under CAA) ।

জানিব পৰা মতে, বৰাকৰ কাছাৰৰ শিলচৰত কোনো এক স্থানত বিগত ৩৫ বছৰ ১০ মাহ ধৰি অবৈধভাবে বাস কৰি আহিছিল।

উল্লেখ্য যে, শিলচৰৰ এগৰাকী অধিবক্তাৰ পৰামৰ্শ মতে, দুলন দাসে NRCৰ বাবে আবেদন কৰা নাছিল আৰু ‘CAA’ৰ বাবে অপেক্ষা কৰিছিল। দুলন দাসৰ ওপৰত নাছিল কোনো গোচৰ। ১৯৮৮ চনতে ভাৰতলৈ অহা দুলন দাসৰ পৰিয়াল দুই পুত্ৰ আৰু পত্নীৰ সৈতে অবৈধভাৱে শিলচৰত বাস কৰিছিল। ১৯৯৬ চনৰে পৰা দুলন দাসে অবৈধ ভোটাৰ কাৰ্ডৰ জৰিয়তে ভোটদান কৰি আহিছিল আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰো আধাৰ-পেন কাৰ্ডৰ দৰে গুৰুত্বপূৰ্ণ নথি-পত্ৰ আছিল।

দুলন দাসে ভাৰতীয় গৃহ মন্ত্ৰালয়ৰ পৰা মেইলযোগে ‘কা’ আবেদনৰ খবৰ লাভ কৰিছিল। বাংলাদেশত ধৰ্মীয় নিপীড়নৰ বাবে ভাৰতত প্ৰৱেশ কৰা দুলন দাসে ‘CAA’ৰ অধীনত নাগৰিকত্ব লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি(Bangladeshi-born man becomes 1st person to get citizenship under CAA in Assam)।

লগতে পঢ়ক :SAI RNS Academy Director Allegedly Assaults 17-Year-Old Student : সাই আৰ এন এছ একাডেমীৰ সঞ্চালকৰ বৰ্বৰতা; ব্যক্তিগত প্ৰতিষ্ঠানৰ পোছাক পিন্ধি মাচুল দিবলৈ যোৱাৰ বাবেই ছাত্ৰক প্ৰহাৰ