Local, Vocal, Global

Wild Elephanat death :পুনৰ ডিগবৈ খেৰজান- হালধীবাৰী গাঁৱত বনৰীয়া হাতীৰ কৰুণ মৃত্যু

নিউজ ডেস্ক,১৪আগষ্ট : অবাধ হাৰত বনাঞ্চল ধ্বংসৰ ফলত বন্যহস্তীৰ জাক এতিয়া নামি আহে সমতল ভূমিলৈ।বনাঞ্চলৰ ভূমি সংকোচত হোৱাত খাদ্য আৰু বাসস্থানত অভাৱত বন্যহস্তীসমূহ জনাঞ্চললৈ উলাই আহিবলৈ বাধ্য হৈছে। ফলত সৃষ্টি হৈছে হাতী মানুহৰ সংঘাত(Wild Elephanat death)। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ অহা হাতী-মানুহৰ সংঘাতৰ ঘটনাই জটিল ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে।

প্ৰাকৃতিক দুৰ্যোগৰ দৰে এক বৃহৎ দুৰ্যোগৰ ৰূপত দেখা দিয়া হস্তী মানুহৰ সংঘাতত কেৱল মানুহৰে যে প্ৰাণহানি হৈছে তেনে নহয়,খাদ্যৰ সন্ধানত নামি অহা বন্য হস্তীৰো বহু সময়ত প্ৰাণ গৈছে(Wild Elephanat death)। ৰাজ্যত হাতী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতে পুনৰ এটা বন্যহস্তীৰ মৃত্যু হৈছে।

পুনৰ ডিগবৈ খেৰজান- হালধীবাৰী গাঁৱত বনৰীয়া হাতীৰ কৰুণ মৃত্যু। এমাহ নহওঁতে পুনৰ বনৰীয়া হাতীৰ কৰুণ মৃত্য়ু ।

বুধবাৰে পুৱাৰ ভাগত এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যুক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।বাৰে বাৰে এইদৰে হাতীৰ কৰুণ মৃত্যুক হোৱাক লৈ ৰাইজে শোক প্ৰকাশ কৰে।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত ডিগবৈ বন বিভাগৰ বন বিষয়া টি. চি. ৰঞ্জিত ৰাম উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

মৃতহোৱা হাতীটো আৰক্ষীয়ে হাতীটো ঘৰচীয়া হাতী বুলি খন্দেহ প্ৰকাশ কৰে ।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই হাতীটোৰ মৃত্যুৰ কাৰণ । মৰণোত্তৰ পৰীক্ষাৰ পিছত জানিব পৰা যাব কি কাৰণত হাতীটোৰ মৃত্যু কাৰণ।

লগতে পঢ়ক : Tension erupts after brutal murder of 2 fishermen : মাছমৰীয়াক হত্যাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য