Watch | Tense situation in Mangaldoi Mowamari Panchayat: মঙলদৈ মোৱামাৰী পঞ্চায়তত উত্তপ্ত পৰিস্থিতি
মঙলদৈ : সদস্য লগত লৈ পঞ্চায়ৰ কাৰ্য্যালয়ত প্ৰৱেশ কৰাৰ পিছতে হতাহতি। সভাপতি কেন্দ্ৰিক বিতৰ্কৰ বাবে উত্তপ্ত হয় পৰিস্থিতি মঙলদৈত। বিজয় ৰাজভৰ আৰু অংকিতা নেওগক সভাপতি পতাৰ বাবেই দুই ফৈদৰ মাজত হতাহঁতি।
এখন বিলাসী বাহনত বিজয় ৰাজভৰ নামৰ সভাপতি পদৰ প্ৰত্যাশি সদস্য গৰাকীয়ে কেইগৰাকীমান সদস্যক (ঘোঁৰা) লৈ প্ৰৱেশ কৰিছিল পঞ্চায়ত কাৰ্যালয়ত। সেইসময়তে অন্য এগৰাকী সদস্য তথা সভাপতি পদৰ প্ৰত্যাশি অংকিতা নেওগৰ একাংশ সমৰ্থকে পঞ্চায়ত কাৰ্যালয়তে বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বিলাসী বাহনত লৈ অনা সদস্য সকলক বাধা প্ৰদান কৰে। তাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
আৰক্ষী উপস্থিত হৈছে যদিও এতিয়াও অব্যাহত আছে উত্তেজনা। অংকিতা নেওগৰ সমৰ্থকৰ মতে বিজয় ৰাজভৰৰ বিৰুদ্ধে বহু কেইটা কেচ থানাত আছে। সেয়ে তেনে লোকক সভাপতি হিচাবে কেতিয়াও মানি নলওঁ বুলি কয়। এই বিষয়তে দুই ফৈদৰ মাজত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰে।
লগতে পঢ়ক : Watch | Biswanath news: দুলীয়াজানৰ মাজমজিয়াৰ এখন বিশেষ দলঙে পথে জ্বলা-কলা খুৱাইছে অঞ্চলবাসীক