টেম্পো আৰু ট্ৰাকৰ সংঘৰ্ষ
নিউজ ডেস্ক, ২২ আগষ্ট : সোমবাৰে পুৱা মধ্যপ্ৰদেশৰ (Madhya Pradesh) উজ্জয়িনী (Ujjain) জিলাৰ হাতাই পাল্কি (Hatai Palki) অঞ্চলৰ ওচৰত এখন টেম্পো আৰু ট্ৰাকৰ সৈতে সংঘৰ্ষ হোৱাৰ ফলত চাৰিজন বিদ্যালয়ৰ ছাত্ৰৰ মৃত্যু হোৱাৰ উপৰিও আন ১১ জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
আঘাতপ্ৰাপ্ত শিক্ষাৰ্থীসকলক ততাতৈয়াকৈ নাগদাৰ (Nagda) তিনিখন ব্যক্তিগত চিকিৎসালয় আৰু এটা স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল।
বাতৰি অনুসৰি, চিকিৎসাধীন অৱস্থাত উজ্জয়িনীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চাৰিজন ছাত্ৰৰ মৃত্যু হয়।
প্ৰতিবেদনত কোৱা হৈছিল যে আহতসকলক গাওঁবাসীয়ে ৰছীৰ সহায়ত বাহনখনৰ পৰা উলিয়াই আনিছিল।
উল্লেখ্য যে, টেম্পো চালকজনে সোমবাৰে ৰাতিপুৱা হাতৈপাল্কি গাঁৱৰ পৰা দুখন কনভেন্ট ব্যক্তিগত বিদ্যালয়ত পঢ়ি থকা শিশুসকলক তুলি লৈ গৈছিল। আনহাতে, টেম্পোত থকা শিক্ষাৰ্থীসকল ষষ্ঠ আৰু অষ্টম শ্ৰেণীত অধ্যয়ন কৰি আছিল।