মণিপুৰত ম্যানমাৰৰ এজন নাগৰিকক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ সৈতে আটক
নিউজ ডেস্ক, ২২ আগষ্ট : মণিপুৰৰ টেংনুপাল ( Tengnoupal ) জিলাৰ মোৰেত (Moreh) নিৰাপত্তাৰক্ষীয়ে ম্যানমাৰৰ এজন নাগৰিকক অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ সৈতে আটক কৰিছে।
অসম ৰাইফলছৰ Troopers আৰু ৰাজ্যিক আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত মণিপুৰৰ ইণ্ডো-ম্যানমাৰ (Indo-Myanmar) সীমান্তৰ কানান ভেং (Canan Veng) , মৰেহলৰ (Morehl) পৰা লোকজনক গ্ৰেপ্তাৰ কৰে।
বাতৰি অনুসৰি, তেওঁৰ দখলৰ পৰা দুটা ৯ এমএম পিষ্টল, ৪১ টা লাইভ ৰাউণ্ড (live rounds), চাৰিটা মোবাইল ফোন আৰু এটা ৰেডিঅ’ ছেট উদ্ধাৰ কৰা হৈছে।
গ্ৰেপ্তাৰ কৰা ব্যক্তিজন gun runner বুলি সন্দেহ কৰা হৈছিল। অৱশ্যে, সম্প্ৰতি বিচ্ছিন্নতাবাদী গোটবোৰৰ সৈতে সম্ভাৱ্য সম্পৰ্ক উদঘাটন কৰিবলৈ এটা তদন্ত চলি আছে।