Telangana Assembly polls : বিজেপিৰ আন এখন বিধানসভা নিৰ্বাচনৰ তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা
নেশ্যনেল ডেস্ক, ২১অক্টোবৰ : আগন্তুক ৫খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন । এইবছৰতে দেশৰ অনুষ্ঠিত হ’ব ৫ খন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন । এই বছৰতে তেলেংগানা, ছত্তীশগড়, ৰাজস্থান, মধ্য প্ৰদেশ আৰু মিজোৰামত অনুষ্ঠিত হ’ব নিৰ্বাচন।
আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ লৈ ইতিমধ্যে শাসক,বিৰোধীয়ে নিৰ্বাচনী প্ৰস্ততি আৰম্ভ কৰিছে(Upcoming election 2023) ।শাসক বিৰোধী ইতিমধ্যে বিধানসভাৰ নিৰ্বাচনৰ বাবে দলৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰিছে।
শনিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ আন এখন বিধানসভা নিৰ্বাচনৰ তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা ।
আজি ভাৰতীয় জনতা পাৰ্টিয়ে আগন্তুক তেলেংগানা বিধানসভা নিৰ্বাচনৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে(Telangana Assembly polls)।
শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, দলৰ সভাপতি জে পি নাড্ডাকে ধৰি দলৰ অন্যান্য নেতাৰ উপস্থিতিত দলটোৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকৰ পিছতে প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ সিদ্ধান্ত গ্ৰহণ কৰে।
উল্লেখ্য যে, দলটোৱে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধে গাজৱাল আসনত আৰু লগতে তেওঁৰ বৰ্তমানৰ হুজুৰাবাদ সমষ্টিৰ পৰাও গুৰুত্বপূৰ্ণ নেতা তথা প্ৰাক্তন মন্ত্ৰী ইটালা ৰাজেন্দ্ৰৰ নাম প্ৰকাশ কৰাৰ সম্ভাৱনা আছে , অৰ্থাৎ ইটালা ৰাজেন্দৰে আগন্তুক বিধানসবাৰ নিৰ্বাচনত দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে ।
দলীয় সূত্ৰ অনুসৰি গডৱালৰ পৰা প্ৰাক্তন মন্ত্ৰী ডি কে অৰুণা, নিৰ্মলৰ পৰা প্ৰাক্তন বিধায়ক আলেতি মহেশ্বৰ ৰেড্ডী, খানাউৰৰ পৰা ৰমেশ ৰাথোদ, মাহবুবনগৰৰ প্ৰাক্তন সাংসদ এ পি জিতেন্দ্ৰ ৰেড্ডী, ৱাৰংগল ইষ্টৰ পৰা এৰাবেলি প্ৰদীপ ৰাও, ডব্বাকৰ পৰা এম ৰঘুনন্দন ৰাও, ইটালা ৰাজেন্দ্ৰৰ পৰা নিজ নিজ সমষ্টিৰ পৰা টিকট লাভ কৰিবলৈ হুজুৰাবাদৰ সন্মুখত তীব্ৰ প্ৰতিদন্দী(
BJP likely to release first list of 55 candidates)।
শুকুৰবাৰে অনুষ্ঠিত হোৱা বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰা নেতাসকল আছিল ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) বি এল সন্তোষ, ৰাজ্যিক সভাপতি জি কিষাণ ৰেড্ডী, অ বি চি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি ড° লক্ষ্মণ, দলৰ ৰাজ্যিক প্ৰভাৰী তৰুণচুগ, সুনীল বংশাল, জ্যেষ্ঠ নেতা ইটালা ৰাজেন্দৰ আদি।
ইফালে কৰিমনগৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বন্দী সঞ্জয়ে। চেন্নুৰুৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন সাংসদ জি বিবেকে।
দলৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠকতো গোছামহালৰ বিধায়ক ৰাজা সিঙৰ নিলম্বন প্ৰত্যাহাৰৰ বিষয়ক লৈ এক আলোচনা অনুষ্ঠিত হোৱা বুলিও দলৰ সূত্ৰই প্ৰকাশ কৰিছে।
তেলেংগানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ৩০ নৱেম্বৰত আৰু ভোট গণনা ৩ ডিচেম্বৰত অনুষ্ঠিত হ’ব।
লগতে পঢ়ক : BJP Releases Second List of Nine Candidates : মিজোৰাম বিধানসভা নিৰ্বাচনৰ ৯ জনীয় প্ৰাৰ্থীৰ তালিকা প্ৰকাশ