Telangana Assembly Elections : দিনৰ ১১ বজালৈ সম্পূৰ্ণ ২০.৬৪ শতাংশ ভোটদান
নিউজ ডেস্ক, ৩০ নৱেম্বৰ : আজি তেলেংগনা বিধানসভা নিৰ্বাচন । পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া ।ৰাজ্যখন প্ৰায় ১১৯ টা বিধানসভা সমষ্টিৰ বাবে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া(Telangana Assembly Elections 2023)।আজি অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব ৩ ডিচেম্বৰত । উক্ত দিনটোতে ঘোষণা কৰা হব আন চাৰিখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল ।
এইবাৰ তেলেংগনা নিৰ্বাচনী যুঁজত ২২৯০ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰতিদ্বন্দ্বিসকলৰ ভিতৰত ২২১ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ লোক আছে। ৰাজ্যখনত প্ৰায় ৩.১৭ কোটি ভোটাৰ আছে(Telangana Assembly Elections)।
দিনৰ ১১ বজালৈ সম্পূৰ্ণ হৈছে ২০.৬৪ শতাংশ ভোটদান(20.64% voter turnout recorded till 11am) ।
নিৰ্বাচন আয়োগে জনোৱা তথ্য অনুসৰি, দিনৰ ১১ বজালৈ তেলেংগনাত ২০.৬৪ শতাংশ ভোটদান হৈছে।
ইফালে ভোটগ্ৰহণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাবাসীক ১১৯ জনীয়া ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনত অভিলেখ সংখ্যাত ভোটদান কৰিবলৈ আহ্বান জনায় ।
প্ৰধানমন্ত্ৰী মোদীয়ে এক্সৰ এটা পোষ্টৰ জড়িয়তে জনসাধাৰণক ভোট বিপুল সংখ্যাক ভোট দান কৰি গণতন্ত্ৰৰ উৎসৱত শক্তিশালী ভূমিকা গ্ৰহণৰ আহ্বান জনাইছে(PM Modi urges record voter turnout in Telangana assembly elections) । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে বিশেষকৈ যুৱ আৰু প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া লোকসকলক ভোটদান কৰিবলৈও অনুৰোধ জনাইছে।