Local, Vocal, Global

Tejashwi Yadav appears before ED for questioning in money-laundering case : আজি ED ৰ জেৰা লালুপ্ৰসাদৰ পুত্ৰ তেজস্বী যাদৱক

নেশ্যনেল ডেস্ক, ৩০ জানুৱাৰী : অব্যাহত আছে বিহাৰত EDৰ অভিযান(Land For Job Scam)।

আজি ED য়ে জেৰাই চলাই লালুপ্ৰসাদৰ পুত্ৰ তেজস্বী যাদৱক । আজি EDৰ জেৰাৰ সন্মুখীন তেজস্বী যাদৱক । Land for job কেলেংকাৰীৰ গোচৰত EDয়ে জেৰা তেজস্বী যাদৱক ।

সোমবাৰে ১০ ঘণ্টা ধৰি ED য়ে জেৰা চলাইছিল লালুপ্রসাদ যাদৱক । ঝাৰখণ্ডৰ মুখ্যমন্ত্রী হেমন্ত চোৰেনৰ বাসগৃহতো ইডিয়ে চলাইছিল তালাচী । হেমন্ত চোৰেনৰ বাসগৃহৰ পৰা বহু গুৰুত্বপূৰ্ণ নথিপত্রসহ এখন BMW বাহন জব্দ কৰে ED-এ । ভূমিৰ বিনিময়ত নিযুক্তিৰ কেলেংকাৰী গোচৰত সোমবাৰে আৰ জে ডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱক ১০ ঘন্টীয়া জেৰাৰ পাচত আজি ইডিৰ কাৰ্যালয়লৈ তলব কৰিছে বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক(Tejashwi Yadav appears before ED for questioning in money-laundering case) ৷

মঙলবাৰে পুৱা ১১:২৫ বজাত তেওঁৰ সমৰ্থকসকলে ইডি আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিৰুদ্ধে শ্লোগান দি পাটনাৰ ইডিৰ কাৰ্যালয়ত উপস্থিত হয়(After Lalu Yadav, Son Tejashwi Yadav Questioned By ED )।

ইডিয়ে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ৰ প্ৰথম তথ্য প্ৰতিবেদনৰ ভিত্তিত তদন্ত চলাই আছে। ৯ জানুৱাৰীত ফেডাৰেল এজেন্সীয়ে ৬০০ কোটি টকাৰ অপৰাধৰ উপাৰ্জন পোৱা বুলি জনাই এই গোচৰৰ প্ৰথমখন চাৰ্জ শ্বীট দাখিল কৰি সাতজন অভিযুক্তৰ ভিতৰত আৰজেডিৰ মুৰব্বীৰ পত্নী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাব্ৰি দেৱী আৰু তেওঁলোকৰ কন্যা মিছা আৰু হেমা যাদৱৰ নাম উল্লেখ কৰিছে ।

উল্লেখ্য যে, চাকৰিৰ কেলেংকাৰীৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে তেজস্বী যাদৱলৈ ইডিয়ে প্ৰেৰণ কৰিছিল চমন ৷ সোমবাৰে ইডিৰ পাটনা কাৰ্যালয়ত লালু যাদৱ উপস্থিত হোৱাৰ সময়ত তেওঁৰ জীয়ৰী মিছা ভাৰতীকো দেখা গৈছিল । ইফালে মিছা ভাৰতীক ৫ ফেব্ৰুৱাৰীত ইডিয়ে সোধা-পোছা কৰিব ৷

লগতে পঢ়ক : ED team camps at Jharkhand CM Hemant Soren’s Delhi house : ১৩ ঘণ্টা ধৰি ED ৰ অভিযান; জব্দ নগদ ৩৬ লাখ টকা,BMW বাহনসহ নথি-পত্ৰ