Local, Vocal, Global

Brutal murder created sensation in Margherita : কিশোৰীক ধৰ্ষণ কৰি হত্যাৰ অভিযোগ

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা (Shocking incident in Margherita) । ১২ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা এক লোমহৰ্ষক ঘটনা সংঘটিত হৈছে । উত্তৰ মাৰ্ঘেৰিটাৰ আনন তাঁতী ওৰফে স্বপন নামৰ এজন লোকে এই নৃশংস কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই ঘটনাৰ খবৰ বিয়পি পৰাৰ পাছতে মাৰ্ঘেৰিটাৰ লগতে সমগ্ৰ তিনিচুকীয়া জিলাখনতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য (Tension in Tinsukia) ।

ঘটনাৰ বিৱৰণি অনুসৰি, উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত যোৱা ২৮, ২৯ আৰু ৩০ মেত তিনি দিনীয়াকৈ অনুষ্ঠিত ৰঙালী বিহুৰ কাৰ্যসূচীৰ অন্তিম দিনটোৰ সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান চাবলৈ মাকৰ লগত গৈছিল কিশোৰী গৰাকী। নিশা অনুষ্ঠান উপভোগ কৰি থকাৰ মাজতে কিশোৰীগৰাকীৰ টোপনি লগাত কিশোৰীগৰাকীৰ মাতৃয়ে পৰিচিত আনন তাঁতী ওৰফে স্বপন তাঁ‌তি নামৰ লোকজনৰ ঘৰত থৈ পুনৰ অনুষ্ঠান উপভোগ কৰিবলৈ যায় ।

পিছদিনা পুৱা জীয়েকক নিবলৈ আহি আনন তাঁতীৰ ঘৰত মাতৃগৰকাকীয়ে বিচাৰি নাপালে কিশোৰীগৰাকীক । ঘৰখনৰ গৰাকী স্বপন তাঁ‌তীয়ে কিশোৰীগৰাকী নিজেই ঘৰলৈ উলাই যোৱা বুলি বুলি কৈ মাকক ঘুৰাই পঠায় । কিন্তু মহিলাৰগৰাকীয়ে নিজৰ ঘৰৰ লগতে কতো জীয়েকৰ সন্ধান নাপাই কাষ চাপে আৰক্ষীৰ (Teenager missing from Margherita) । কিশোৰী গৰাকীৰ নিৰুদ্দেশৰ সন্দৰ্ভত পৰিয়ালৰ লোকে মাৰ্ঘেৰিটা থানাত এখন এজাহাৰো দাখিল কৰে ।
ইফালে বুধবাৰে সন্ধিয়াৰ ভাগলৈ স্বপন তাঁ‌তীৰ ঘৰৰ কাষতে অৱস্থিত এটা হোষ্টেলৰ শৌচালয়ৰ টেংকীত মৃত অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ (Girl Body found in toilet tank) । ইয়াৰ পাছতেই অঞ্চলটোৰ পৰিবেশ উত্তপ্ত হৈ পৰাৰ লগতে সৃষ্টি হয় চাঞ্চল্যৰ । স্থানীয় লোকে এই খবৰ আৰক্ষীক দিয়াৰ পাছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে মৃতদেহটো মাৰ্ঘেৰিটা থানালৈ লৈ যায় ।

স্থানীয় লোকে দিয়া অভিযোগ অনুসৰি, আনন তাঁতী ওৰফে স্বপনে কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰিছে ।ইফালে পলাতক অৱস্থাত আছে আনন তাঁতী ওৰফে স্বপন তাঁ‌তি । মাৰ্ঘেৰিটা আৰক্ষীয়ে ইতিমধ্যেই পলাতক আনন তাঁতীৰ সন্ধানত অভিযান আৰম্ভ কৰাৰ লগতে এই নৃশংস ঘটনাটোক লৈ আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক : Violence in Manipur: উত্তপ্ত মণিপুৰত সেনাবাহিনী মোতায়েনৰ লগতে ৪ হাজাৰ লোকক অন্য স্থানলৈ স্থানান্তৰ