Local, Vocal, Global

Army helicopter crashes in JK: জম্মু-কাশ্মীৰত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত,তিনিজন আহত

নেশ্য়নেল ডেস্ক,৪ মে’: জম্মু-কাশ্মীৰত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত(Army helicopter crashes in JK)।বৃহস্পতিবাৰে জম্মু-কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ মাৰৱাহ তহচিলৰ মাচনা গাঁৱৰ সমীপত সেনাৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয় (Krshtwar district in Jammu and Kashmir)। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত পাইলট, সহ-পাইলটকে ধৰি তিনিজন লোক আছিল বুলি জানিব পৰা গৈছে । ইয়াৰে দুজনৰ অৱস্থা সংকটজনক হোৱাৰ লগতে আনজন হৈছে আঘাতপ্ৰাপ্ত ।

সেনাৰ সূত্ৰই সদৰি কৰা অনুসৰি জম্মু-কাশ্মীৰৰ মাৰৱাহ নদীৰ কাষতে সংঘটিত হৈছে এই দুৰ্ঘটনাটো (Army chopper crashed in Jammu and Kashmir) । প্ৰতিকূল বতৰৰ বাবে অঞ্চলটোৰে যোগাযোগ হৈছে ব্যাহত। দুৰ্ঘটনাৰ খবৰ পোৱাৰ পাছতেই আৰক্ষী আৰু সেনাৰ উদ্ধাৰকাৰী দল আন এখন হেলিকপ্টাৰেই দুৰ্ঘটনাস্থলীত উপস্থিত হয় ।

উদ্ধাৰকাৰী দলটোয়ে ইতিমধ্য়ে হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষ চেনাব নদীত পোৱা বুলি জানিব পৰা গৈছে ।ইফালে উদ্ধাৰকাৰী দলে আঘাতপ্ৰাপ্ত আটাইকে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: Violence in Manipur: উত্তপ্ত মণিপুৰত সেনাবাহিনী মোতায়েনৰ লগতে ৪ হাজাৰ লোকক অন্য স্থানলৈ স্থানান্তৰ