Local, Vocal, Global

Violence in Manipur: উত্তপ্ত মণিপুৰত সেনাবাহিনী মোতায়েনৰ লগতে ৪ হাজাৰ লোকক অন্য স্থানলৈ স্থানান্তৰ

নেশ্যনেল ডেস্ক, ৪মে’ :মণিপুৰত(Manipur) সৃষ্টি হৈছে হিসাংত্মক পৰিস্থিতিৰ।পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে মণিপুৰৰ বিভিন্ন জিলাত জাৰি কৰিছে সান্ধ্য আইন( curfew),মোতায়েন কৰা হৈছে সেনা জোৱানসহ অসম ৰাইফলছক।আনকি বৃহস্পতিবাৰে এই হিংসাত্মক পৰিস্থিতিৰ বাবে মণিপুৰত সেনাই ফ্লেগ মাৰ্চ বাহিৰ কৰে(Army Staged a Flag March) ।

মণিপুৰত ৩ মে’ত জনজাতীয় গোটসমূহে অনুসূচীত জনজাতি শ্ৰেণীত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এই প্ৰতিবাদৰ সময়তে হিংসাত্মক ঘটনা সংঘটিত হৈছিল।

এই প্ৰতিবাদৰ সময়ত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে আৰু ইয়াৰ মাজতে টৰবাং অঞ্চলৰ সদৌ জনজাতীয়(All Tribal Student Union Manipur) আৰু আৰু অ-জনজাতীয় লোকসকলৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয় বুলি এজন জেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।হিংসাত্মক ঘটনা সংঘটি হোৱাৰ সময়তে আৰক্ষীয়ে ভিৰ কমাবলৈ কন্দুৱা গেছ(Tear Gas) নিক্ষেপ কৰে বুলি জানিবলৈ দিয়ে।
ইয়াৰ পিছতেই ৰাজ্যখনৰ আঠখন জিলাত সান্ধ্য আইন জাৰি কৰে( curfew) আৰু ৰাজ্যজুৰি মোবাইল ইণ্টাৰনেট সেৱা স্থগিত কৰে(Mobile Internet Suspended)।
বুধবাৰে এক চৰকাৰী নিৰ্দেশনাত কয় যে মণিপুৰ ৰাজ্যত মবাইল ডাটা সেৱা স্থগিত ৰাখি এই নিৰ্দেশনা সকলো মোবাইল সেৱা প্ৰদানকাৰীক নিয়ম মানি চলাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে আৰু অনাগত পাঁচ দিনলৈ এই আদেশ বলবৎ থাকিব বুলি কয়(Mobile Internet Suspended For Five Days In Manipur)।মোবাইল ইণ্টাৰনেট সেৱা পাঁচ দিনৰ বাবে স্থগিত কৰাৰ পৰিপ্ৰেক্ষিতত অ-জনজাতীয় অধ্যুষিত ইম্ফল পশ্চিম, কাকচিং, থৌবাল, জিৰিবাম আৰু বিষ্ণুপুৰ জিলা আৰু জনজাতীয় অধ্যুষিত চুৰাচান্দপুৰ, কাংপোকপি আৰু টেংনুপাল জিলাত কাৰফিউ জাৰি কৰা হৈছে। তাৎক্ষণিক প্ৰভাৱৰ সৈতে সমগ্ৰ ৰাজ্যত মোবাইল ইণ্টাৰনেট সেৱা পাঁচ দিনৰ বাবে স্থগিত ৰখা হৈছে, কিন্তু ব্ৰডবেণ্ড সেৱাসমূহ কাৰ্যকৰী হৈ আছে।

উল্লেখনীয় যে, আঠখন জিলাৰ প্ৰশাসনৰ দ্বাৰা কাৰফিউ জাৰি কৰাৰ পৃথক নিৰ্দেশ জাৰি কৰা হৈছে ইয়াৰ পূৰ্বে বুধবাৰে হাজাৰ হাজাৰ লোকে ছাত্ৰ সংগঠনৰ দ্বাৰা প্ৰতিবাদ সাব্যস্ত কৰা জনজাতীয় ঐক্য পদযাত্ৰাত যোগদান কৰে। সংগঠনটোৱে ৰাজ্যখনৰ সকলো ১০ খন পাহাৰীয়া জিলাৰ লোকসকলক পদযাত্ৰাত যোগদান কৰিবলৈ আহ্বান জনাইছিল।

ছাত্ৰ সন্থাই কয় যে ৰাজ্যখনৰ জনপ্ৰতিনিধিসকলে মেইটেইৰ দাবীক মুকলিকৈ সমৰ্থন কৰি আছে আৰু জনজাতীয় স্বাৰ্থৰ সুৰক্ষাৰ বাবে সামূহিকভাৱে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা প্ৰয়োজন। মেইটেইসকলে মণিপুৰৰ পাহাৰীয়া জিলাসমূহত বাস কৰে, যি ৰাজ্যখনৰ প্ৰায় দহ শতাংশ অঞ্চল। সম্প্ৰদায়টোৱে দাবী কৰিছে যে ম্যানমাৰ আৰু বাংলাদেশীসকলৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ প্ৰব্ৰজনৰ বাবে তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছে।এই ঘটনাৰ পিছতেই অলিম্পিক বঁটা বিজয়ী মেৰী কমে টুইটযোগে দেশৰ প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক ঘটনা সন্দৰ্ভত উচিত ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে, ‘‘মোৰ ৰাজ্য মণিপুৰ জ্বলি আছে, অনুগ্ৰহ কৰি সহায় কৰক।’’