Local, Vocal, Global

কামপুৰত পথৰ কাষত উদ্ধাৰ শিক্ষকৰ মৃতদেহ…

ডিজিটেল ডেস্ক:-নগাঁও জিলাৰ কামপুৰৰ তেতেলীসৰাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।শনিবাৰে পুৱা তেতেলীসৰা পথৰ কাষত মৃতদেহ উদ্ধাৰ। মৃতদেহটো তেতেলীসৰা মাহনিআটিৰ গিৰিন গগৈ বুলি চিনাক্ত কৰা হৈছে ৷ নিশা ঘৰলৈ গৈ থকা অৱস্থাত পথ দূৰ্ঘটনাটো হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে ৷বোকাখাটৰ গিৰিন গগৈয়ে তেতেলীসৰাৰ কান্দাপাৰ প্ৰাথমিক বিদ্যালয়ৰ এজন টেটৰ শিক্ষক হিচাপে কৰ্মৰত আছিল বুলি জানিব পৰা গৈছে।বানে বিধ্বস্ত কৰা কামপুৰ তেতেলীসৰাৰ জৰাজীৰ্ণ পথৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ তুলিলে স্থানীয় ৰাইজে ৷ মৃতদেহৰ কাষত AS03P5975 নম্বৰৰ এখন মটৰ চাইকেল উদ্ধাৰ হৈছে ৷ ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে।আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।