বদহজমৰ পৰিত্ৰাণ পাবলৈ আপুনি কি কৰিব!ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰক…

ডিজিটেল ডেস্ক:- অনিয়মীয়া খাদ্যাভাস আৰু ভজা-পোৰা খাদ্য খোৱাৰ অভ্যাসে পেটফুলাৰ লগতে বদহজমৰ সৃষ্টি কৰে। ৰাতি গধুৰ বা মচলাযুক্ত খাদ্য খোৱাৰ ফলত গেছ বা হজমৰ সমস্যা হয়।পেটৰ এনে সমস্যাত ভোগা লোকসকলে সদায় এটাৰ পাছত আন এটা ৰোগত আক্ৰান্ত হ’বলগা হয়।বদহজমৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান সাধাৰণ উপায় আছে।আহক আমি আজি সেই বিষয়ে জানো
একাপ পানীত আদাৰত কিছু টুকুৰা উতলাওক।ই পাকস্থলীৰ বাবে ভাল।ই পাকস্থলীৰ বাবে ভাল।ই কেৱল আপোনাৰ পেটৰ বিষ হ্ৰাস নকৰে লগতে পেটৰ গেছ বন্ধ কৰে।
পেটফুলা বা পেটত অস্বস্তি অনুভৱ কৰিলে কেতিয়াও শুই নাথাকিব।তেনে সময়ত খোজ কাঢ়ক। শুই থাকিলে পেটত অস্বস্তি বৃদ্ধি পায়।
বদহজম বা কোষ্ঠকাঠিন্যৰ সমস্যাত ভুগিলে হালধি ৰস খাওক। কেঁচা হালধি চোবাই খালেও পেটফুলা সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।গৰম পানীৰ লগত হালধি আৰু মৌ মিহলাই খালে উপকাৰ পাব।
বেকিং ছ’ডা আৰু নেমুৰ ৰস মিহলাই পানী খালেও বদহজমৰ পৰা সকাহ পোৱা যায়।
খোৱাৰ পাছত এটুকুৰা আদা চোবাই খোৱাৰ অভ্যাস কৰক। এনে নিতৌ কৰিলে বদহজমৰ সমস্যা আৰু পেটফুলাটো হ্ৰাস পায়।
পেট ফুলিলে আদা সৰু সৰুকৈ কাটি নিমখৰ সৈতে খালেও পেটফুলা বা বদহজমৰ সমস্যা কমে
পৰ্যাপ্ত পৰিমাণে পানী খোৱা কৰক। পানীয়ে খাদ্যবস্তু সোনকালে হজম কৰাত সহায় কৰে।
অমিতা খালেও বদহজমৰ পৰা পৰিত্ৰাণ পাব পৰা যায়।
এগিলাচ পানীৰ সৈতে আধা চামুচ ডালচিনিৰ গুৰি উতলাই খালেও পেটফুলা বা বদহজমৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা যায়।
লঙে পেট ঠাণ্ডা কৰি ৰাখে।পেটৰ সমস্যা প্ৰতিৰোধৰ কৰাৰ বাবে চাহৰ সৈতে লং মিহলাই খাব পাৰে।