Local, Vocal, Global

স্কুললৈ যোৱাৰ পথতে দুৰ্ঘটনাত মৃত্যু শিক্ষক উপেন দৈমাৰীৰ

নিউজ ডেস্ক, ৮ জুন : বুধবাৰে অসমৰ ধেমাজি জিলাৰৰ দেকাপাম (Dekapam) গাঁৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হয়।

ধেমাজি (Dhemaji) জিলাৰ জোনাইৰ (Jonai) ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদয়পুৰ তিনিয়ালীত (Udaipur Tiniali) দুখন মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত দুচকীয়া বাহনখনৰ এজন আৰোহী ঘটনাস্থলীতে নিহত হয়। আৰু আন দুজন গুৰুত্বৰভাৱে আহত হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰে।

মৃতব্যক্তিজন মোহনপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক উপেন দৈমাৰী বুলি চিনাক্ত কৰা হৈছে। আৰু তেওঁ বিদ্যালয়লৈ যাওঁতে দুৰ্ঘটনাটো সংঘটিত হৈছিল।

বিষয়াসকলে জনাইছিল যে আহতসকলক ততাতৈয়াকৈ ওচৰৰ দেকাপাম চিকিৎসালয়লৈ লৈ যোৱা হৈছিল আৰু চিকিৎসা গ্ৰহণ কৰি আছে, আনহাতে দুৰ্ঘটনাত নিহত উপেন দৈমাৰীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।