মোবাইল এপ ব্যৱহাৰ নজনাৰ বাবেই শিক্ষকে কৰিলে আত্মহত্যা

নিউজ ডেস্ক, ৩০ এপ্ৰিলঃ মোবাইল এপ ব্যৱহাৰ কৰিব নজনাৰ বাবেই এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকে আত্মহত্যা কৰে। এই ঘটনাৰ পিছতেই চাঞ্চল্যৰ সৃষ্টি হৈছে বিহপুৰীয়াত। এই ঘটনা সংঘটিত হয় বিহপুৰীয়াৰ সন্তপুৰ গাঁৱত।
বিহপুৰীয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত কলাবিল মৰনৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গোপাল চন্দ্ৰ শৰ্মাই মোবাইল ব্যৱহাৰ কৰিব নজনাৰ বাবেই শনিবাৰে পুৱা মৃত্যুৰ দৰে চৰম সিদ্ধান্ত বাচি লয়। মৃত্যুৰ পূৰ্বে মৃত শিক্ষকজনে চুইচাইড নোটত মৃত্যুৰ কাৰণ চুইচাইড নোটত লিখি থয় যায়।
চুইচাইড নোটত উল্লেখ কৰা মতে -বিদ্যালয়ৰ বিভিন্ন কামৰ হেচা আৰু মবাইলৰ এপ ৰ হেচা আৰু তাৰ বিপৰীতে মবাইল চলাব নজনাৰ বাবেই এই চৰম সিদ্ধান্ত ললে তেওঁ ৷ আজি পুৱা নিজা বাস ভৱনৰ কাষতে চিপলোৱা আৱস্থাত উদ্ধাৰ হয় গোপাল চন্দ্ৰ শৰ্মাৰ মৃতদেহ ৷
ইতিমধ্যে বিহপুৰীয়া আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷