চৰকাৰৰ নিৰ্দেশ, ৬.৩০বজালৈ বন্ধ থাকিব ইন্টাৰনেট সেৱা

নিউজ ডেস্ক, ৩০ এপ্ৰিল:- এক হিংসাত্মক ঘটনাৰ পিছতে চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ সিদ্ধান্ত। যোৱা শুকুৰবাৰে পাটিয়ালাত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ ।
পঞ্জাৱ চৰকাৰৰ গৃহ বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি শনিবাৰৰে পৰা পুৱা ৯.৩০বজাৰ পৰা সন্ধিয়া ৬.৩০বজা পৰ্যন্ত বন্ধ থাকিব ইন্টাৰনেট সেৱা ।
উল্লেখনীয় বিষয় যে, পাটিয়ালাত সংঘটিত হোৱা এই ঘটনাৰ পাছতে পাটিয়ালাৰ কেইবাজনো আৰক্ষী বিষয়াক বদলি কৰি উক্ত স্থানত অন্য বিষয়াক নিযুক্ত কৰিছে পঞ্জাৱ চৰকাৰে।
আনহাতে কেইবাটাও সংগঠনে আজি পাটিয়ালা বন্ধৰো আহ্বান কৰিছে।