টাৰ্জান চলচ্চিত্রৰ অভিনেতা জ’ লাৰাৰ মৃত্যু

টাৰ্জান চলচ্চিত্রৰ অভিনেতা জ’ লাৰা আৰু পত্নীসহ সাতজন যাত্ৰী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেচভিল চহৰৰ ওচৰত বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱাৰ খৱৰ পোৱা গৈছ।
ৰাডাৰফৰ্ড কাউণ্টি ফায়াৰ এণ্ড ৰেচকিউৰে (আৰচিএফআৰ) সামাজিক মাধ্যমত প্ৰকাশ কৰা তথ্য অনুসৰি অভিনেতা জ’ লাৰাসহ ৭ গৰাকী ব্যক্তিয়ে শনিবাৰে পুৱা প্ৰায় ১১:০০ বজাত সৰু ব্যৱসায়িক জেট বিমানখন টেনেচী বিমানবন্দৰৰ স্মিৰ্ণাৰ পৰা ফ্লৰিডাৰ পাম উপত্যকাৰ দিশে ৰাওনা হোৱাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয়।দুৰ্ঘটনাগ্ৰস্ত বিমানখন নেচভিলৰ দক্ষিণে প্ৰায় ১৯ কিলোমিটাৰ দূৰত্বত থকা পাৰ্চি প্ৰিষ্ট হ্ৰদলৈ নামি যায়।