Local, Vocal, Global

অসম চৰকাৰৰ বৃহৎ ঘোষণাৰ পিছত এতিয়া তৎপৰ হৈ পৰিছে অসমৰ প্ৰত্যেকটো বিভাগ

অসম চৰকাৰৰ বৃহৎ ঘোষণাৰ পিছত এতিয়া তৎপৰ হৈ পৰিছে অসমৰ প্ৰত্যেকটো বিভাগ। আজি সংবাদমেলযোগে অসম চৰকাৰৰ গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰে নিজৰ বিভাগত থকা খালি পদৰ সংখ্যা। তেওঁ কয় যে এই সকলো পদ অসম চৰকাৰে দিব ওলোৱা ১ লাখ চৰকাৰী চাকৰিৰ ভিতৰত থাকিব। অতি শীঘ্ৰে এই সমূহ পদত নিযুক্তি দিয়াৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগত এই পৰ্যন্ত খালি আছে তৃতীয় বৰ্গৰ ২৩০৪ টা পদ ইয়াৰে ১০০৪ টা পদ স্থায়ী আৰু বাকী ১৩০০ টা পদ ঠিকাভিত্তিক,চতুৰ্থ বৰ্গত খালি আছে ৩৫০ টা পদ ।