Local, Vocal, Global

ক্ৰমাৎ সুস্থ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈ

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ। চাৰিজনীয়া চিকিৎসকৰ দল এটাই তৰুণ গগৈ থকা ২২নং কেবিনত অহৰহ চিকিৎসা প্ৰদান কৰি আছে। বৰ্তমান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শৰীৰত অক্সিজেনৰ পৰিমাণ ৯৬% আছে। মঙলবাৰে দিনত দুটা ৰেমডিচিভিৰ দুটাকৈ ইনজেকশ্যনৰ লগতে মধুমেহ ৰোগৰ দৰৱো প্ৰদান কৰিছিল চিকিৎসকৰ দলটোৱে।

প্ৰাক্তন মুখ্যমন্ত্ৰীৰ চিকিৎসাৰ বাবে সকলো ধৰণৰ প্ৰত্যাহ্বান গ্ৰহণৰ বাবে সাজু আছে GMCHৰ চিকিৎসকৰ দল। ইতিমধ্যে বিশেষ ICU সাজু কৰি ৰখা বুলি জনাই GMCHৰ অধীক্ষকে। পুৱাৰ আহাৰ গ্ৰহণ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। আজি পুনৰ SAWB টেষ্টৰ লগতে অন্য বহুকেইটা টেষ্ট কৰিব GMCHৰ বিশেষ চিকিৎসকৰ দলটোৱে ।

উল্লেখযোগ্য যে সোমবাৰে নিশা চিকিৎসাধীন অৱস্থাতে হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ। ৮৮%লৈ হ্ৰাস পাইছিল শৰীৰত অক্সিজেনৰ মাত্ৰা। সোমবাৰে নিশাই তাৎক্ষণিকভাৱে তেওঁক ২ লিটাৰ অক্সিজেনৰ সৈতে ১ ইউনিট প্লাজমা প্ৰদান কৰিছিল। চিকিৎসকৰ অহৰহ প্ৰচেষ্টাৰ অন্তত বৰ্তমান সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা।