মুকালমুৱাৰ দমদমা পথাৰত চোৰাং পেট্ৰল ভৰ্তি ড্ৰামসহ টেংকাৰ জব্দ
নিউজ ডেস্ক: মুকালমুৱাৰ দমদমা পথাৰত জব্দ ২৬ টা পেট্ৰল ভৰ্তি ড্ৰাম সহ এখন টেংকাৰ।। মুকালমুৱা আৰক্ষী থানাৰ S.I অনন্ত চেতিয়াৰ নেতৃত্বত চলিছিল অভিযান। অনন্ত চেতিয়াৰ অভিযানত চোৰাং তেলৰ সন্দেহত ২৬ টা পেট্ৰল ভৰ্তি ড্ৰাম সহ এখন টেংকাৰ জব্দ কৰে। চোৰাং তেলখিনিৰ লগতে চোৰাং তেলৰ ব্যৱসায়ত জড়িত দুজনক আটক কৰে মুকালমুৱা আৰক্ষীয়ে। আটকাধীন লোক দুজনৰ নাম আব্দুল কাদেৰ আৰু হাফিজুৰ। ধৃত আব্দুল কাদেৰৰ বাসগৃহত মুকালমুৱা আৰক্ষী আৰু দৌলাশাল আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চোৰাং পেট্ৰল সহ টেংকাৰখন। জব্দ কৰা টেংকাৰখনৰ নম্বৰ AS 07 A 4131. উল্লেখযোগ্য যে আটকাধীন লোক দুজনে দীৰ্ঘদিন ধৰি কৌশলেৰে চোৰাং পেট্ৰলৰ ৰমৰমীয়া বেহা চলাই আহিছিল। ঘটনা সন্দৰ্ভত মুকালমুৱা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।