বৰক্ষেত্ৰী সমষ্টিৰ বৰলিয়াৰপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
নিউজ ডেস্ক: বৰক্ষেত্ৰী সমষ্টিৰ বৰলিয়াৰপাৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। হাজো- দৌলাশাল পথৰ বৰলিয়াৰপাৰত পথ দুৰ্ঘটনাটো সংঘটিত হয় । পথ দুৰ্ঘটনাত থিতাতে নিহত হয় স্কুটি আৰোহী এটি কিশোৰ। এখন স্কুটিত বৰপেটা অভিমুখে গৈ আছিল মাতৃ-পুত্ৰ। বিপৰীত দিশৰ পৰা অহা ট্ৰাক এখনে প্ৰচণ্ড খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় স্কুটি আৰোহী ৰক্তিম দাস (১২) নামৰ কিশোৰজন। লগতে আহত হয় মাতৃ দময়ন্তি দাস নামৰ মহিলা গৰাকী। মুকালমুৱা চিকিৎসালয়ত দুয়োজনকে ভৰ্তি কৰোৱাই যদিও চিকিৎসকে মৃত ঘোষণা কৰে পুত্ৰ ৰক্তিম দাসক। গুৱাহাটীৰ পৰা বৰপেটাৰ চেঙালৈ মাতৃ-পুত্ৰ স্কুটিত গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। মৃত কিশোৰজনৰ ঘৰ বৰপেটাৰ ভেল্লাত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত পতিত স্কুটি খনৰ নম্বৰ AS 01 DB 6945 আৰু ট্ৰাক খনৰ নম্বৰ AS 01 DD 0468