Local, Vocal, Global

ছিয়াং নদীত নাও দুৰ্ঘটনা, নিখোঁজ ডেৰ বছৰীয়া কণমানি

নিউজ ডেস্ক:  জোনাইত সোমবাৰে সন্ধিয়া নাও দুৰ্ঘটনা সংগঠিত হয় l জানিব পৰা মতে জোনাইৰ কাংকান চাপৰিৰ পৰা বৰং উপ-স্বাস্থ্য কেন্দ্ৰলৈ এখন টুলুঙা নাৱেৰে মাতৃৰ সৈতে ডেৰ বছাৰীয়া কন্যা শিশু ছিয়াং নদীক পাৰ কৰা সময়ত সোমবাৰে সন্ধিয়া প্ৰায় পাঁচ বজাত শোকাৱহ নাও দুৰ্ঘটনা সংগঠিত হয় l সোমবাৰে ডেৰ বছৰীয়া কন্যা শিশু হঠাৎ অসুস্থ হোৱাত মাতৃয়ে কন্যা শিশুক লগত লৈ কাংকান চাপৰিৰ পৰা বৰং উপ স্বাস্থ্য কেন্দ্ৰলৈ নিয়াৰ সময়ত ছিয়াং নদীত ঘটে অঘটনটো l তুলুঙা নাওটোত সাত জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে l সকলোবোৰ যাত্ৰী সাঁতুৰি প্ৰাণ ৰক্ষা কৰে যদিও ডেৰ বছৰীয়া শিশু নদীৰ বুকুত নিখোঁজ হৈ পৰে l নিখোঁজ হোৱা কন্যা শিশু কাংকান চাপৰিৰ অমিও দলেৰ ডেৰ বছৰীয়া কন্যা ডেনী দলে l বৰ্তমান নিখোঁজ শিশুক উদ্ধাৰৰ বাবে SDRFয়ে ছিয়াংৰ বুকুত অভিযান অব্যাহত ৰাখিছে