Local, Vocal, Global

আজি বিশিষ্ট শিক্ষাবিদ-ভাষাবিদ-প্ৰশাসনিক বিষয়া টাবুৰাম টাইডৰ প্ৰথম মৃত্যু বাৰ্ষিকী

আজি বিশিষ্ট শিক্ষাবিদ-ভাষাবিদ-প্ৰশাসনিক বিষয়া টাবুৰাম টাইডৰ প্ৰথম মৃত্যু বাৰ্ষিকী। অসাধাৰণ ব্যক্তিত্বৰ অধিকাৰী বিশিষ্ট শিক্ষাবিদ-ভাষাবিদ-প্ৰশাসনিক বিষয়া টাবুৰাম টাইডৰ প্ৰথম মৃত্য বাৰ্ষিকীত সমগ্ৰ অসমবাসীয়ে শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। মিচিং সমাজৰ সুযোগ্য সন্তান তথা বৃহৎ জনগোষ্ঠীটোৰ পথপ্ৰদৰ্শক গৰাকীয়ে অসমীয়া আৰু মিচিং ভাষা-সাহিত্য-সংস্কৃতিলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে।

টাবুৰাম টাইডৰ অৱদান সমূহৰ ভিতৰত
▪পমান-মমান-১৯৮৪ চন
▪মিচিং ভাষাৰ বানান পদ্ধতি
▪মিচিং গমপিৰ কমচুং-১৯৯৫ চন
▪একুঁকি নিবন্ধ-২০০৭ চন
▪English For School ( যুটীয়াভাৱে)
▪মিচিং ভাষাৰ অভিধান
▪মিচিং আগম আয়ুয়িৰ (সম্পাদনা/টাবুৰাম টাইড,নাহেন্দ্ৰ পাদুন) আদি উল্লেখযোগ্য অৱদানেৰে সাহিত্য-সংস্কৃতিৰ ভড়াল সমৃদ্ধ কৰিছে।

আকাশবাণী কেন্দ্ৰত তেওঁৰ বহু অমূল্য কথিকানুষ্ঠান প্ৰচাৰিত হৈছিল। তদুপৰি ড০ ভূপেন হাজৰিকাদেৱৰ পৰিচালনাৰে নিৰ্মাণ কৰা ‘মিৰি জিয়ৰী’ টেলিফ্লিম খনৰ সকলো সংলাপ প্ৰয়াত টাবুৰাম টাইডৰ দেৱেই লিখিছিল বুলি জানিব পাৰি। এইগৰাকী বৰেণ্য ব্যক্তিলৈ তেখেতৰ প্ৰথম মৃত্যু বাৰ্ষিকীত MyNews Ne-ৰ পৰিয়ালেও একাঁজলি শ্ৰদ্ধাঞ্জলি জনাইছো।