ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা
ৰাজ্যত অব্যাহত কৰ’নাৰ ভয়াৱহতা। প্ৰতিদিনে বৃদ্ধি সংক্ৰমিত লোকৰ সংখ্যা। বিগত ২৪ ঘন্টাত অৰ্থাৎ সোমবাৰৰ দিনটোত ৰাজ্যত পুনৰ আক্ৰান্ত ২,৭৯২ গৰাকী। ইয়াৰ বিপৰীতে সোমবাৰৰ দিনটোত আৰোগ্য লাভ কৰি ঘৰলৈ ওভতে ১,৫১৯ গৰাকী ৰোগীয়ে। কামৰূপ মেট্ৰ’ত আক্ৰান্তৰ সংখ্যা ৪৫৮ গৰাকী, কাচাৰৰ ২২৭ গৰাকী আৰু কামৰূপৰ ১৯৫ গৰাকী।
ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ৭৯,৬৬৭ গৰাকী। বৰ্তমানলৈ ৰাজ্যত ৫৬,৭৩৪ গৰাকী ৰোগী আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে ১৯৭ গৰাকীৰ। বৰ্তমান ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ২২,৭৩৩ গৰাকী।
২৪ ঘন্টাত অসমৰ স্বাস্থ্য বিভাগে ৪৯,৫১০ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে। ২৪ ঘন্টাত অসমত কৰ’নাত আক্ৰান্তৰ হাৰ ৫.৬৩ শতাংশ।