মেঘালয়ত দূৰ্ঘটনাগ্ৰস্ত হৈ টেবুল টেনিছ খেলুৱৈৰ মৃত্যু

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ তামিলনাডুৰ ১৮ বছৰীয়া টেবুল টেনিছ খেলুৱৈ বিশ্ব দীনাদয়ালনৰ দেওবাৰে টেক্সিৰে গুৱাহাটীৰ পৰা শ্বিলঙলৈ গৈ থকা অৱস্থাত পথ দূৰ্ঘটনাত মৃত্যু হয়।
গুৱাহাটীৰ পৰা শ্বিলং গৈ থকা অৱস্থাত পথ দুৰ্ঘটনাত মৃত্যু দেশৰ আগশাৰীৰ টেবুল টেনিছ খেলুৱৈ ভাৰতীয় জুনিয়ৰ চেম্পিয়ন পেডলাৰ তামিলনাডুৰ বিশ্ব দীনাদয়ালনৰ। ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল প্ৰতিভাৱান পেডলাৰ গৰাকীয়ে।
মেঘালয়ৰ ৰিভয় জিলাৰ ছাংবাঙলাত পথ দুৰ্ঘটনাত মৃত্যু হয় বিশ্ব দীনাদয়ালনৰ নামৰ প্ৰতিভাৱান খেলুৱৈ গৰাকীৰ। ৰিভয় জিলাৰ ছাংবাঙলাৰ পথত বিপৰীত দিশৰ পৰা অহা নিয়ন্ত্ৰনহীন ১২ চকীয়া ট্ৰাকে মহতিয়াই লৈ যায় বিশ্ব থকা চাৰিচকীয়া গাড়ীখনক।
বিশ্বৰ মৃত্যুত মেঘালয় টেবুল টেনিছ সন্থাৰ লগতে গুৱাহাটীৰ নগেন হাজৰিকা টেবুল টেনিছ ফাউন্ডেছনে গভীৰ শোকপ্ৰকাশ কৰে।
শ্বিলঙৰ ৮৩ সৰ্বভাৰতীয় টেবুল টেনিছত অংশগ্ৰহণৰ বাবে চেন্নাইৰ পৰা আহিছিল ভাৰতীয় জুনিয়ৰ খেলুৱৈগৰাকী। গন্তব্য স্থান গৈ পোৱাৰ পূৰ্বে এক শোকাৱহ পথ দূৰ্ঘটনাত নিহত হয় তামিলনাডুৰ খেলুৱৈগৰাকী।