গণেশগুৰি উৰণীয়া সেঁতুত ভয়ংকৰ পথ দূৰ্ঘটনা, থিতাতে নিহত এজন

নিউজ ডেস্ক, ১৮ এপ্ৰিলঃ বিহুৰ আনন্দৰ মাজতেই গণেশগুৰি উৰণীয়া সেঁতুৰ ওপৰত ভয়ংকৰ পথ দূৰ্ঘটনা। বাইকখনত আছিল দুজনকৈ লোক।
এই দূৰ্ঘটনাত থিতাতে মৃত্যু হয় এজন বাইক আৰোহী। আনহাতে গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় এজন। আহতজনক অতি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।
দেওবাৰে নিশা এএছ-০১এফএ-৫৮১০ নম্বৰৰ এখন তীব্ৰবেগী দুচকীয়া বাহনে নিয়ন্ত্ৰণ হেৰুৱাই গণেশগুৰি উৰণীয়া সেঁতুত খুন্দা মৰাৰ ফলতে শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰে।
গুৱাহাটী যান-বাহন আৰক্ষীয়ে অত্যাধিক সুৰাপান কৰি বাইক চলোৱাৰ ফলতে পথ দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি মত প্ৰকাশ কৰে।