বোকাজানত এনকাউণ্টাৰ, আৰক্ষীৰ গুলীত আহত ড্ৰাগছ সৰবৰাহকাৰী

নিউজ ডেস্ক, ১৯ এপ্ৰিলঃ ৰঙালীৰ আনন্দৰ মাজতেই পুনৰ চলিল অসম আৰক্ষীৰ গুলী। বোকাজানত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা। আৰক্ষীৰ গুলীত আহত নুৰ উদ্দিন নামৰ ড্ৰাগছ সৰবৰাহকাৰী।
উল্লেখ্য যে, বিগত ১৪ এপ্ৰিলত খটখটী আৰক্ষীয়ে ১০০ গ্ৰাম ড্ৰাগছসহ নুৰ উদ্দিন আৰু অনিতা গগৈ নামৰ এগৰাকী মহিলাক আটক কৰিছিল। ইয়াৰপিছতেই ঘটনা সন্দৰ্ভত অধিক তদন্তৰ বাবে আটকাধীন নুৰ উদ্দিনক লৈ ডিমাপুৰলৈ লৈ গৈছিল।
আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি নুৰ উদ্দিনৰ সহযোগী ডিমাপুৰত আছিল। সেয়েহে আৰক্ষীয়ে নুৰ উদ্দিনক লৈ ডিমাপুৰলৈ যোৱাৰ সময়তে আৰক্ষীক ঠেলা মাৰি নুৰ উদ্দিনে পলাবলৈ চেষ্টা কৰে।
পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তেই আৰক্ষীয়ে তেঁওৰ ভৰিত গুলী কৰিবলৈ বাধ্য হয়। ইয়াৰপিছতেই আৰক্ষীৰ গুলীত আহত নুৰ উদ্দিনক ডিফু মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।