টি–২০ বিশ্বকাপত এমাজনৰ ডেলিভাৰী বয়ৰ চমক

কিছুদিন আগলৈ এমাজনৰ ডেলিভাৰী বয়ৰ ৰূপত মানুহৰ ঘৰে ঘৰে সামগ্রী বিতৰণ কৰি ফুৰা এগৰাকী উদীয়মান ক্রিকেটাৰে শেহতীয়াকৈ আই চি চি টি–২০ বিশ্বকাপত চমকপ্রদ প্রদর্শনেৰে উজলি উঠিছে ৷ বাংলাদেশৰ বিৰুদ্ধে দেওবাৰে স্কটলেণ্ডৰ ৰোমাঞ্চকৰ জয়ত মুখ্য ভূমিকা গ্রহণ কৰা ৩১ বছৰীয়া এই প্রতিভাৱান ক্রিকেটাৰগৰাকী হ’ল ক্রিছ গ্রিভছ৷ লকডাউনৰ সময়ছোৱাত ক্রিকেট সম্পূর্ণৰূপে বন্ধ হৈ যোৱাত আর্থিক দুৰৱস্থাৰ সন্মুখীন হৈ অলৰাউণ্ডাৰগৰাকীয়ে বাছি লৈছিল উপার্জনৰ নতুন পথ৷ আন্তঃৰাষ্ট্রীয় ক্রিকেট খেলাৰ সপোন দেখা খেলুৱৈগৰাকীয়ে চৰম বিত্তীয় সংকটত ভুগি এটা সময়ত ক্রিকেট বাদ দিবলৈ বাধ্য হয় আৰু এমাজনৰ ডেলিভাৰী বয় হিচাপে নতুন কেৰিয়াৰ আৰম্ভ কৰে৷ কিন্তু ক’ভিডজনিত পৰিস্থিতি ক্রমাৎ উন্নত হোৱাত স্কটলেণ্ডলৈ পুনৰ ক্রিকেটৰ পৰিৱেশ ঘূৰি আহে আৰু অধিনায়ক কাঈল ক’টঝাৰৰ অনুৰোধমর্মে তেওঁ ক্রিকেটৰ পথাৰলৈ প্রত্যাৱর্তন ঘটায়৷ টি–২০ বিশ্বকাপৰ প্রাৰম্ভিক ৰাউণ্ডত বাংলাদেশৰ বিৰুদ্ধে কেৰিয়াৰৰ দ্বিতীয়খন আন্তঃৰাষ্ট্রীয় মেচ খেলা গ্রিভছে ২৮টা বলত ৪৫ ৰানৰ আকর্ষণীয় ইনিংছ খেলি বিশ্বৰ ক্রিকেট অনুৰাগীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হয়৷